ভাৰতীয় চিনেমাৰ ইতিহাসত বিশেষ স্থান দখল কৰা ‘ৰংগীলা’ ছবিখনে মুক্তিৰ ৩০ বছৰ সম্পূৰ্ণ কৰিলে। ৰাম গোপাল বৰ্মাৰ পৰিচালিত ছবিখনে ১৯৯৫ চনৰ ৮ ছেপ্টেম্বৰত ছবিগৃহত প্ৰদৰ্শিত হয় আৰু মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ মন জয় কৰে। আমিৰ খান, উৰ্মিলা মাটণ্ডকাৰ আৰু জেকী শ্ৰফৰ দৰে তাৰকা অভিনীত এই ছবিখন সেই সময়ত বক্স অফিচত হিট হৈছিল আৰু হিন্দী চিনেমাৰ ক্লাছিক ছবিৰ ভিতৰত গণ্য কৰা হয়।
‘ৰংগীলা’ই সেই সময়ৰ চলচ্চিত্ৰ নিৰ্মাণ শৈলীক এক নতুন মাত্ৰা প্ৰদান কৰাই নহয়, ভাৰতীয় দৰ্শকক এক সতেজ চিনেমাৰ অভিজ্ঞতাও প্ৰদান কৰিছিল। আমিৰ খানৰ স্বতঃস্ফূৰ্ত আৰু ৰসাল চৰিত্ৰ, উৰ্মিলা মাটণ্ডকাৰৰ মৰমিয়াল আৰু গ্লেমাৰাছ অভিনয়ৰ লগতে জেকী শ্ৰফৰ গভীৰ আৰু সংবেদনশীল চৰিত্ৰই তিনিওটা একেলগে ছবিখনক এক বেলেগ উচ্চতা প্ৰদান কৰিছিল।
এতিয়া সম্পূৰ্ণ তিনিটা দশকৰ অন্তত দৰ্শকে পুনৰ ছবিগৃহত ‘ৰংগীলা’ৰ যাদু চাবলৈ সুযোগ পাবলৈ গৈ আছে। পৰিচালক ৰাম গোপাল বৰ্মাই নিজেই এই তথ্য তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে দিছিল। ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰি তেওঁ লিখিছে, ৰংগীলাক ৪কে ডলবীত পুনৰ মুক্তি দিয়া হৈছে। ইয়াৰ বাবে আমিৰ খান, জেকী শ্ৰফ, উৰ্মিলা মাটণ্ডকাৰ আৰু এ.আৰ ৰহমানক অভিনন্দন। ৰংবোৰ আকৌ ঘূৰি আহিছে। এই ঘোষণাৰ লগে লগে পুৰণি স্মৃতিবোৰ আকৌ এবাৰ দৰ্শকৰ মাজত সতেজ হৈ পৰিছে। ৯০ৰ দশকত ‘ৰংগীলা’ই যুৱক-যুৱতীসকলক যিদৰে উন্মাদ কৰি তুলিছিল, সেই একে আবেগে এতিয়া ৪কে আৰু ডলবি অডিঅ’ মানদণ্ডৰ সৈতে ডাঙৰ পৰ্দাত নতুন শৈলীত দেখা পোৱাৰ সুযোগ পাব।
ইয়াৰ সংগীতৰ কথা নক’লে ছবিখনৰ আলোচনা আধৰুৱা। ‘ৰংগীলা’ৰ সংগীত এ.আৰ. ৰহমান আজিও তিনি দশকৰ আগৰ দৰেই সতেজ আৰু স্মৰণীয়। ইয়াৰ গীতসমূহে সেই সময়ত চাৰ্টবাষ্টাৰ হিচাপে প্ৰমাণিত হৈছিল আৰু ৰহমানক হিন্দী চলচ্চিত্ৰ জগতত এক নতুন পৰিচয় দিছিল। উপাৰ্জনৰ কথা ক’বলৈ গ’লে ‘ৰংগীলা’ই নিজৰ সময়ত ৩৩.৪৫ কোটি টকাৰ এক বৃহৎ ব্যৱসায় কৰিছিল, আনহাতে ইয়াৰ বাজেট আছিল মাত্ৰ ৮ কোটি টকা। সেই যুগৰ সফল ছবিৰ ভিতৰত গণ্য কৰা হৈছিল আৰু আজিও বাৰে বাৰে চোৱা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
