কলম্বো (শ্ৰীলংকা), ১১ ছেপ্টেম্বৰ (হি.স.)। নেপালত হিংসাত্মক পৰিস্থিতিৰ সময়ত বন্ধ হৈ থকা কাঠমাণ্ডু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পুনৰ মুকলি কৰাৰ পিছত আজি শ্ৰীলংকা এয়াৰলাইন্সে নেপাললৈ পুনৰ সেৱা আৰম্ভ কৰে। বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৰাতিপুৱা ৮:১৫ বজাত কাঠমাণ্ডু অভিমুখে ৰাওনা হয় ইউএল-১৮১ নম্বৰৰ বিমান। কাঠমাণ্ডুৰ পৰা উভতি অহা বিমানখন সন্ধিয়া আহি পোৱাৰ সম্ভাৱনা আছে।
নেপালত চলি থকা সংঘাতৰ বাবে বিমানবন্দৰ বন্ধ হোৱাৰ পিছত ১০ ছেপ্টেম্বৰত নেপাললৈ বিমান সেৱা বন্ধ কৰি দিয়া বুলি ডেইলী মিৰ’ৰ কাকতত প্ৰকাশ পাইছে বুলি দীপাল পেৰেৰাই জানিবলৈ দিয়ে। বান্দৰনাইকে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়াসকলে জনোৱা মতে, কাঠমাণ্ডুলৈ যোৱাৰ আশাত কালি অহা ৩৫জন যাত্ৰীক বিমান সংস্থাসমূহে থকাৰ ব্যৱস্থা আৰু হোটেলৰ সুবিধা প্ৰদান কৰে।
বৰ্তমান কলম্বো আৰু কাঠমাণ্ডুৰ মাজত বিমান চলাচল কৰা একমাত্ৰ বিমান সংস্থাটোৱেই হৈছে শ্ৰীলংকা এয়াৰলাইন্স। পেৰেইৰাই কয় যে এই সেৱা সপ্তাহৰ দেওবাৰ, সোমবাৰ, বুধবাৰ আৰু বৃহস্পতিবাৰে চলিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
