– ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ অপৰিৱৰ্তিত
নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। তেল বিপণন কোম্পানীসমূহে ২০২৬ চনৰ প্ৰথম দিনটোত এল পি জি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে। কিন্তু এই বৃদ্ধি ১৯ কিলোগ্ৰামৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰত সীমাবদ্ধ; ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।
বছৰৰ প্ৰথম দিনাই বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ ₹ বৃদ্ধি কৰা হয়। আজিৰ পৰা ১ জানুৱাৰী, ২০২৬ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। আজিৰ বৃদ্ধিৰ লগে লগে দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ১,৬৯১.৫০ ₹ হৈ পৰে। এই মূল্য বৃদ্ধিৰ পূৰ্বে ₹১,৫৮০.৫০ত উপলব্ধ আছিল। একেদৰে কলকাতাত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৬৮৪ ₹ৰ পৰা ১৭৯৫ ₹লৈ বৃদ্ধি পাইছে। মুম্বাইত এতিয়া ₹১,৬৪২.৫০ত উপলব্ধ হব, যিটো পূৰ্বতে ₹১,৫৩১.৫০ত পোৱা গৈছিল। চেন্নাইত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১,৭৩৯.৫০ ₹ৰ পৰা ১,৮৪৯.৫০ ₹লৈ বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক এল পি জি চিলিণ্ডাৰ হোটেল, ৰেষ্টুৰেণ্ট, খাদ্যৰ দোকান, আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহাৰ কৰা হয়। ইয়াৰ পূৰ্বে বছৰৰ অন্তিম মাহত ডিচেম্বৰ মাহত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছিল। ২০২৫ চনৰ ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ দিল্লী আৰু কলকাতাত প্ৰতি চিলিণ্ডাৰৰ মূল্য ১০ ₹, আৰু মুম্বাই আৰু চেন্নাইত প্ৰতি চিলিণ্ডাৰৰ ১১ ₹ হ্ৰাস কৰা হয়।
২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰ (ৰন্ধন গেছ)ৰ মূল্য অপৰিৱৰ্তিত হৈ আছে।শেষবাৰৰ বাবে ২০২৫ চনৰ ৮ এপ্ৰিলত ঘৰুৱা এল পি জি চিলিণ্ডাৰ (ৰন্ধন গেছ)ৰ মূল্য সংশোধন কৰা হৈছিল। বৰ্তমান দিল্লীত ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ₹৮৫৩। একেদৰে কলকাতাত ₹৮৭৯, মুম্বাইত ₹৮৫২.৫০, চেন্নাইত ₹৮৬৮.৫০, লক্ষ্ণৌত ₹৮৯০.৫০, আহমেদাবাদত ₹৮৬০, হায়দৰাবাদত ₹৯০৫, বাৰাণসীত ₹৯১৬.৫০, আৰু পাটনাত ₹৯৫১।
हिन्दुस्थान समाचार / অৰৱিন্দ
