• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > অহা সপ্তাহত ৪টা নতুন আইপিঅ’ মুকলি, তালিকাভুক্তিৰ জৰিয়তে ১১টা শ্বেয়াৰৰ ব্যৱসায় কৰিব আৰম্ভ
Business

অহা সপ্তাহত ৪টা নতুন আইপিঅ’ মুকলি, তালিকাভুক্তিৰ জৰিয়তে ১১টা শ্বেয়াৰৰ ব্যৱসায় কৰিব আৰম্ভ

CliQ INDIA
Last updated: August 11, 2025 3:01 am
CliQ INDIA
Share
7 Min Read
SHARE

নতুন দিল্লী, ১০ আগষ্ট (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’ব লগা ব্যৱসায়িক সপ্তাহটোত যোৱা দুসপ্তাহৰ তুলনাত প্ৰাথমিক বজাৰৰ ব্যৱসায় তুলনামূলকভাৱে শান্ত হ’ব। এই সপ্তাহত ৪টা কোম্পানীয়ে মুকলি কৰিছে আই পি অ’। ইয়াৰে ২টা আইপিঅ’ মেইনব’ৰ্ড ছেগমেণ্টৰ, বাকী ২টা আইপিঅ’ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। যদিও এই সপ্তাহত নতুন আই পি অ’ৰ আৰম্ভণি লেহেমীয়া হ’ব, এই সপ্তাহৰ ভিতৰত তালিকাভুক্তকৰণৰ ক্ষেত্ৰত যথেষ্ট কাৰ্যকলাপ হ’ব। এই সপ্তাহত ১১টা কোম্পানীৰ শ্বেয়াৰৰ শ্বেয়াৰ বজাৰত তালিকাভুক্তিৰ জৰিয়তে ব্যৱসায় আৰম্ভ হ’ব। ইয়াৰে ৬টা কোম্পানীৰ শ্বেয়াৰ ১১ আগষ্টতহে ষ্টক মাৰ্কেটত তালিকাভুক্ত হ’বলৈ গৈ আছে।

সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন ১১ আগষ্টত ইকোডেস্ক পাব্লিছিং ছলিউচনৰ ৪২.০৩ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ১৩ আগষ্টলৈকে নিবিদা দিব পাৰিব।আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ৯৮ টকাৰ পৰা ১০২ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১২০০ টা শ্বেয়াৰ। ১৯ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত প্লেটফৰ্মত তালিকাভুক্ত হ’ব। ব্লু ষ্টোন জুৱেলাৰীৰ ১৫৪০.৬৫ কোটি টকাৰ আইপিঅ’ খোদ ১১ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ১৩ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ৪৯২ টকাৰ পৰা ৫১৭ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ২৯ টা শ্বেয়াৰ। ১৯ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।

সপ্তাহটোৰ দ্বিতীয়টো ট্ৰেডিং ডে’ ১২ আগষ্টত মহিন্দ্ৰা ৰিয়েলটৰ্ছৰ ৪৯.৪৫ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ১৪ আগষ্টলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ৭৫ টকাৰ পৰা ৮৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১৬০০ শ্বেয়াৰ। ২০ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব। সেইদিনাই ৰিগেল ৰিচ’ৰ্ছৰ ৩০৬ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ১৪ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতিটো শ্বেয়াৰৰ মূল্য বেণ্ড ৯৬ টকাৰ পৰা ১০২ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১৪৪ টা শ্বেয়াৰ। ২০ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।

এই নতুন আই পি অ’সমূহৰ বাহিৰেও যোৱা সপ্তাহৰ ৭ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা জে এছ ডব্লিউ চিমেণ্টৰ ৩৬০০ কোটি টকাৰ আই পি অ’ত কাইলৈ অৰ্থাৎ ১১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতিটো শ্বেয়াৰৰ মূল্যৰ বেণ্ড ১৩৯ টকাৰ পৰা ১৪৭ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১০২ টা শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ত ০.৫৯ বাৰ চাবস্ক্ৰাইব কৰা হৈছে। ১৪ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।

একেদৰে ৭ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা সাৱলিয়া ফুডছ প্ৰডাক্টছৰ ৩৪.৮৩ কোটি টকাৰ আইপিঅ’ৰ বাবে কাইলৈ অৰ্থাৎ ১১ আগষ্টলৈকে নিবিদা দিব পাৰিব।আইপিঅ’ৰ অধীনত মূল্যৰ বেণ্ড ১১৪ টকাৰ পৰা ১২০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১২০০ টা শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ত ২.৫২ বাৰ চাবস্ক্ৰাইব কৰা হৈছে। ১৪ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব। ৭ আগষ্টত মুকলি হোৱা কমপ্লেক্স চিনেমাৰ ৯০.২৭ কোটি টকাৰ আই পি অ’ৰ বাবে কাইলৈ অৰ্থাৎ ১১ আগষ্টলৈকে নিবিদা দিব পাৰিব। আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ১৬৮ টকাৰ পৰা ১৭৭ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৮০০ শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ত ১.৯০ বাৰ চাবস্ক্ৰাইব কৰা হৈছে। ১৪ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।

ইয়াৰ উপৰিও অল টাইম প্লাষ্টিকছৰ ৪০০.৬০ কোটি টকাৰ আই পি অ’ৰ বাবে কাইলৈ অৰ্থাৎ ১১ আগষ্টলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্যৰ বেণ্ড ২৬০ টকাৰ পৰা ২৭৫ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৫৪ টা শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ সম্পূৰ্ণৰূপে চাবস্ক্ৰাইব কৰা হৈছে। ১৪ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব।

যোৱা সপ্তাহত ৮ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা ষ্টাৰ ইমেজিঙৰ ৬৯.৪৭ কোটি টকাৰ আই পি অ’ৰ নিবিদা ১২ আগষ্টলৈকে কৰিব পৰা যাব। আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ১৩৩ টকাৰ পৰা ১৪২ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১০০০ শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ত মাত্ৰ ৫ শতাংশহে চাবস্ক্ৰাইব কৰা হৈছে। ১৮ আগষ্টত বিএছইৰ এছএমই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।একেদৰে ৮ আগষ্টত চাবস্ক্ৰিপচনৰ বাবে মুকলি হোৱা মেডিষ্টেপ হেল্থকেয়াৰৰ ১৬.১০ কোটি টকাৰ আইপিঅ’ৰ বাবে ১২ আগষ্টলৈকে নিবিদা দিব পাৰিব।

আই পি অ’ৰ মূল্য বেণ্ড প্ৰতি শ্বেয়াৰত ৪৩ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৩০০০ শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ত মাত্ৰ ৯.৪৮ বাৰহে চাবস্ক্ৰাইব কৰা হৈছে। ১৮ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।

ইয়াৰ উপৰিও এএনবি মেটাল কাষ্টৰ ৪৯.৯২ কোটি টকাৰ আইপিঅ’ৰ বাবে ১২ আগষ্টলৈকে নিবিদা দিব পাৰিব। আই পি অ’ৰ মূল্য বেণ্ড প্ৰতি শ্বেয়াৰত ১৪৮ টকাৰ পৰা ১৫৬ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৮০০ টা শ্বেয়াৰ। এতিয়ালৈকে এই আই পি অ’ই ৩৮ শতাংশ চাবস্ক্ৰিপচন লাভ কৰিছে। ১৮ আগষ্টত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত কোম্পানীটোৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব।

নতুন তালিকাভুক্তকৰণৰ কথা ক’বলৈ গ’লে সপ্তাহৰ প্ৰথম দিনটোত অৰ্থাৎ ১১ আগষ্টত এচেক্স মেৰিন আৰু বিএলটি লজিষ্টিকছৰ শ্বেয়াৰ বিএছইৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগত প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব। একেদিনাই এন এছ ইৰ এছ এম ই প্লেটফৰ্মত আৰাধ্যা ডিচপ’জেল, পাৰ্থ ইলেক্ট্ৰিকেলছ, ভাডোৰা ইণ্ডাষ্ট্ৰীজ আৰু জ্যোতি গ্ল’বেল প্লাষ্টৰ শ্বেয়াৰ তালিকাভুক্ত হ’ব। ইয়াৰ উপৰিও পিছদিনা ১২ আগষ্টত হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত হ’ব আৰু শ্বেয়াৰ বজাৰত ব্যৱসায় আৰম্ভ হ’ব। ইয়াৰ উপৰিও ১৪ আগষ্টত জে এছ ডব্লিউ চিমেণ্ট আৰু অল টাইম প্লাষ্টিক বি এছ ই আৰু এন এছ ইত তালিকাভুক্ত হ’ব। একেদিনাই এন এছ ইৰ এছ এম ই প্লেটফৰ্মত ছাভেলিয়া ফুডছ প্ৰডাক্টছ আৰু কমপ্লেক্স চিনেমাৰ তালিকাভুক্ত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ষ্টক মাৰ্কেটত মনোলিথিক ইণ্ডिয়াৰ জোৰদাৰ প্ৰৱেশ, প্ৰিমিয়াম লিষ্টিঙৰ পিছত আপাৰ চাৰ্কিটলৈ উত্থান
এন টি পি চিৰ ৩,২৪৮ কোটি টকাৰ চূড়ান্ত লভ্যাংশৰ বাবে এখন চেক অৰ্পন
আনুষ্ঠানিক ঋণ প্ৰৱেশত নতুন মাত্ৰা মুকলি কৰিবলৈ ‘একাউণ্ট এগ্ৰিগেটৰ’ পৰিৱেশ তন্ত্ৰ: বিত্ত মন্ত্ৰালয়
অলংকাৰ বজাৰত সোণৰ জিলিকনি, ৰূপৰ দাম হ্ৰাস
খাৰুৱা তেলৰ প্ৰতি বেৰেলত ৮৩ ডলাৰৰ ওচৰত, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সুস্থিৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কাছাৰৰ ডিগৰখালত ৮৪০০ বটল কফছিৰাপ জব্দ, মিজোৰামৰ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Next Article (অপডেট) প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত তিনিখন নতুন বন্দে ভাৰত ৰে’ল আৰু মেট্ৰ’ৰ ফ্লেগ অফ কৰে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?