কুৱেটা (বেলুচিস্তান) পাকিস্তান, ০৪ ছেপ্টেম্বৰ (হি.স.)। কুৱেটাত বেলুচিস্তান নেশ্যনেল পাৰ্টি-মেংগালৰ ৰেলীত সংঘটিত হোৱা আত্মঘাতী বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ইছলামিক ষ্টেট (আই এছ) গোটে। এই আক্ৰমণত কমেও ১৫ জন লোক নিহত হয়। আৰু আহত হয় ৩০ জনতকৈ অধিক। সোমবাৰে সন্ধিয়া শ্বাহৱানী ষ্টেডিয়ামৰ বাহিৰত বিএনপিৰ ৰেলী শেষ হোৱাৰ কিছু সময়ৰ পিছতে সংঘটিত হয় এই আক্ৰমণ। স্বাস্থ্য বিষয়াৰ মতে, আহতসকলৰ ভিতৰত ৫ জনৰ চিকিৎসালয়তে মৃত্যু হয়। ২৯ জন চিকিৎসাধীন হৈ আছে। গুৰুতৰভাৱে আহতসকলক কৰাচীলৈ বদলি হ’ব পাৰে।
দ্য বেলুচিস্তান পোষ্টৰ তথ্য অনুসৰি ইছলামিক ষ্টেটে নিজৰ সংযুক্ত প্ৰতিষ্ঠান অমাক আৰু খিলাফট নিউজলৈ প্ৰেৰণ কৰা এক বিবৃতিত আত্মঘাতী বোমাৰুজনৰ নাম আলী আল মুহাজিৰ বুলি উল্লেখ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে বিএনপিৰ ৰাষ্ট্ৰীয়তাবাদী আৰু গণতান্ত্ৰিক শৈলীৰ ৰাজনীতিৰ বাবেই বিএনপিক লক্ষ্য কৰি লোৱা হৈছিল। দ্য বেলুচিস্তান পোষ্টৰ মতে, এইবাৰ বিএনপিৰ নেতা চৰ্দাৰ আখতাৰ মেংগলক লক্ষ্য কৰি লোৱাৰ এইটোৱেই দ্বিতীয় প্ৰচেষ্টা। মাৰ্চ মাহত মাষ্টুঙত ধৰ্ণা বিক্ষোভৰ সময়ত তেওঁক আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল।
বিএনপি নেতা মেংগলে তেওঁৰ ওপৰত বাৰে বাৰে হোৱা আক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। চৰকাৰে এই ভাবুকিক গুৰুত্বসহকাৰে নোলোৱাত তেওঁৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। বিএনপিয়ে ঘোষণা কৰিছে তিনিদিনীয়া শোক। মেংগলৰ গৃহ চহৰ ৱাধত বন্ধ বজাৰ। উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ উপৰি কেচ, গ্ৱাদাৰ আৰু পাঞ্জগুৰৰ বাৰ এছ’চিয়েশ্যনে আদালতৰ কাৰ্য্যবিধি বৰ্জনৰ ঘোষণা কৰিছে।
বেলুচ যাকজেহতী কমিটীয়ে কয় যে এয়া নিৰাপত্তা বিফলতাৰ ক্ষেত্ৰ নহয় বৰঞ্চ দমনৰ বহল কৌশলৰ অংশ। বেলুচ নেচনেল মুভমেণ্টৰ নেতা ড০ নাছিম বালোচে কুৱেটা বোমা বিস্ফোৰণক চৰকাৰী হিংসাৰ ধাৰাবাহিকতা” বুলি অভিহিত কৰিছে। আৰক্ষী বিষয়াৰ সৈতে এক সংবাদমেলত অতিৰিক্ত মুখ্য সচিব (গৃহ) হামজা শ্বাফকাতে কয় যে নিৰাপত্তাজনিত চিন্তাৰ বাবে বিএনপিৰ আয়োজকসকলক তিনিবাৰকৈ সমাৱেশৰ অন্ত পেলাবলৈ কোৱা হৈছিল। ৰেলী শেষ হোৱাৰ ৪৫ মিনিটৰ পিছতে সভাস্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত বিস্ফোৰণ সংঘটিত হয়। ভিতৰত সংঘটিত হোৱা হ’লে হতাহতৰ সংখ্যা বহু বেছি হ’লহেঁতেন।’ তেওঁ নিশ্চিত কৰে যে আক্ৰমণকাৰীৰ বয়স ৩০ বছৰৰ তলৰ। তেওঁৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
শ্বাফকাতে এই সমাৱেশত ১২০ জন আৰক্ষী বিষয়া নিয়োগ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ভৱিষ্যতে সমাৱেশৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব, সন্ধিয়াৰ নামাজৰ পিছত ৰাজনৈতিক অনুষ্ঠানত নিষেধাজ্ঞা আৰোপ কৰা হ’ব। এই আনুষ্ঠানিক ব্যাখ্যা নাকচ কৰে বিএনপিৰ নেতাসকলে। দলৰ নেত্ৰী ছানা বালুচে প্ৰাদেশিক চৰকাৰক ইচ্ছাকৃতভাৱে গাফিলতিৰ অভিযোগ উত্থাপন কৰি কয় যে শেহতীয়াকৈ ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস উদযাপন আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে বিশাল নিৰাপত্তা সম্পদ আবণ্টন দিয়া হৈছিল যদিও শান্তিপূৰ্ণ ৰাজনৈতিক সমাৱেশ অসুৰক্ষিত হৈ ৰৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
