নতুন দিল্লী, ২৯ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰবিআই)ৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (আই এম এফ) কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। এই নিযুক্তি তিনি বছৰৰ বাবে দিয়া হৈছে। এতিয়া তেওঁ আই এম এফত ভাৰতক প্ৰতিনিধিত্ব কৰিব।
২৮ আগষ্টত কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা চৰকাৰী অধিসূচনা অনুসৰি কেবিনেটৰ নিযুক্তি সমিতিয়ে অৰ্থনীতিবিদ তথা আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ ড° উৰ্জিত পেটেলক আই এম এফত কাৰ্যবাহী সঞ্চালক (ই ডি) হিচাপে নিযুক্তি দিবলৈ অনুমোদন জনাইছে। তেওঁৰ নিযুক্তি কাৰ্যভাৰ গ্ৰহণৰ তাৰিখৰ পৰা বা পৰৱৰ্তী আদেশ নোহোৱালৈকে তিনি বছৰৰ বাবে হ’ব, যিটো আগৰ।
তিনি বছৰীয়া কাৰ্যকালৰ ছমাহ পূৰ্বে ২০২৫ চনৰ ৩০ এপ্ৰিলত চৰকাৰে সেৱা বন্ধ কৰি দিয়া কে ভি সুব্ৰমণিয়ামৰ ঠাই উৰ্জিত পেটেলে ল’ব। ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত ৰঘুৰাম ৰাজনৰ পিছত ২০১৬ চনৰ ৪ ছেপ্টেম্বৰত ৰিজাৰ্ভ বেংকৰ দায়িত্ব গ্ৰহণ কৰিছিল পেটেলে। কিন্তু ২০১৮ চনৰ ডিচেম্বৰ মাহত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বেই পদত্যাগ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
