নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ড চমুকৈ চিবিআইচিয়ে মুম্বাই, থানে, ৰাইগাড আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত জুলাই মাহৰ জিএছটিআৰ-৩বি ৰিটাৰ্ণ দাখিলৰ সময়সীমা ২০২৫ চনৰ ২৭ আগষ্টলৈ বৃদ্ধি কৰিছে।
বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে এক বিবৃতিত কয় যে চিবিআইচিয়ে ২০ আগষ্ট, ২০২৫ তাৰিখৰ ১২/২০২৫-কেন্দ্ৰীয় কৰ অধিসূচনা জাৰি কৰিছে, যাৰ অধীনত ২০২৫ চনৰ জুলাই মাহৰ বাবে প্ৰ-পত্ৰ জিএছটিআৰ-৩বি দাখিলৰ শেষ তাৰিখ বৃদ্ধি কৰা হৈছে। ইয়াৰ পূৰ্বে এই সময়সীমা আছিল ২০ আগষ্ট। মুম্বাই অঞ্চলৰ কিছু অংশত অবিৰত বৰষুণ আৰু জীৱন-যাপনৰ ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত ব’ৰ্ডে সেইসকল পঞ্জীয়নভুক্ত কৰদাতাসকলৰ বাবে দাখিলৰ অন্তিম তাৰিখ ২০২৫ চনৰ ২৭ আগষ্টলৈ বৃদ্ধি কৰিছে, যাৰ মূল ব্যৱসায়িক স্থান তলত উল্লেখ কৰা জিলাসমূহত অৱস্থিত। ইয়াৰ ভিতৰত মুম্বাই চহৰ, মুম্বাই ছাবাৰবান, থানে, ৰায়গদ আৰু পালঘৰ আদি উল্লেখযোগ্য।
কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক ব’ৰ্ডে এক অধিসূচনাযোগে জনাইছে যে উপৰোক্ত জিলাসমূহৰ কৰদাতাসকলক জিএছটিআৰ-৩বি দাখিল কৰাৰ ক্ষেত্ৰত সকাহ লাভ কৰি বৰ্ধিত শেষ তাৰিখৰ ভিতৰত ৰিটাৰ্ণ দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে পলমকৈ মাচুল আৰু জৰিমনা ভৰিব লগা নহয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
