নতুন দিল্লী, ২২ জুন (হি.স.)। দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে দেওবাৰে ২৪ কেৰেট সোণৰ মূল্য ১,০০,৭৫০ টকাৰ পৰা ১,০০,৯০০ টকাৰ ভিতৰত ব্য়ৱসায় কৰে । একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ৯২,৩৫০ টকাৰ পৰা ৯২,৫০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰে আজিও ৰূপৰ মূল্য হ্ৰাস পাইছে, যাৰ বাবে এই চিকচিকিয়া ধাতুটোৱে দিল্লীৰ বুলিয়নৰ বজাৰত প্ৰতি কেজিত ১,১০,০০০ টকাৰ স্তৰত উপনীত হৈছে।
সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩০ টকা পৰ্যন্ত দুৰ্বলতা পঞ্জীয়ন কৰিছে। একেদৰে ২২ কেৰেটৰ সোণো যোৱা এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ৮৫০ টকাকৈ সস্তা হৈছে। সাপ্তাহিকভাৱে সোণৰ মূল্য হ্ৰাস পাইছে যদিও উঠা-নমাৰ সন্মুখীন হোৱাৰ পিছতো সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ পিছত সাপ্তাহিক ভিত্তিত ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,০০,৯০০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৫০০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,৭৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৩৫০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,৮০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৪০০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১,০০,৭৫০ টকাকৈ আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণ ৯২,৩৫০ টকাকৈ বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য ১,০০,৭৫০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৩৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,৯০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৫০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ দাম ১,০০,৮০০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৪০০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৯০০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯২,৫০০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ১,০০,৭৫০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯২,৩৫০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
