নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্ৰাস পাইছে। অৱশ্যে আজি প্ৰতি কেজি ৰূপৰ মূল্য ১১০০ টকা বৃদ্ধি পাইছে। মূল্য হ্ৰাসৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০১,৩৫০ টকাৰ পৰা ১,০১,৫০০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯২,৯০০ৰ পৰা ৯৩,০৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ১,১৬,০০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০১,৫০০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,০৫০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০১,৩৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০১,৪০০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯২,৯৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০১,৩৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯২,৯০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য ১,০১,৩৫০ টকা প্ৰতি ১০ গ্ৰাম আৰু ২২ কেৰেট সোণৰ মূল্য ৯২,৯০০ টকা প্ৰতি ১০ গ্ৰাম।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০১,৫০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,০৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ১,০১,৪০০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯২,৯৫০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,৫০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,০৫০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,০১,৩৫০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ৯২,৯০০ টকাত বিক্ৰী হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
