এজন অধিবক্তাৰ ৰূপত আদালতৰ কক্ষত টোকৰ মাৰিবলৈ পুনৰ সাজু হৈছে বলীউডৰ খিলাড়ী অক্ষয় কুমাৰ। হিট ফ্ৰেঞ্চাইজি ‘জলি এল এল বি ৩’ৰ ছিকুৱেলত তেওঁ নিজৰ অনুৰাগীসকলক শক্তিশালী বিতৰ্ক, হাস্যৰসময়ী সংলাপ আৰু সম্পূৰ্ণ মনোৰঞ্জনৰ নতুন পেকেজ দিবলৈ ওলাইছে। ‘জলী এল এল বি ২’ত নিজৰ তীব্ৰ আৰু ৰমণীয় অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰা অক্ষয়ে প্ৰমাণ কৰিছে যে আদালতৰ অভিনয় তেওঁৰ বাবে এক স্বাভাৱিক অঞ্চল। গুৰুতৰ বিতৰ্কৰ তিক্হততাই হওক বা সঠিক সময়ত কৰা লঘু কৌতুকেই হওক, অক্ষয়ৰ সেই বিশেষ শৈলী আছে যিয়ে তেওঁক আন অভিনেতাতকৈ পৃথক কৰি তোলে।
এইবাৰ ‘জলি এল এল বি ৩’ত হাঁহি আৰু নাটকৰ ধমাকা আগতকৈও অধিক শক্তিশালী হ’বলৈ গৈ আছে। টিজাৰটো মুক্তি পোৱাৰ লগে লগে দৰ্শকৰ লগতে ছবি জগতৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। কাহিনীটোত আকৌ এবাৰ হাস্যৰসৰ মজা, আৱেগৰ গভীৰতা আৰু চিন্তা কৰিবলৈ বাধ্য কৰা মুহূৰ্তবোৰ থাকিব। সবাতোকৈ ডাঙৰ কথাটো হ’ল এইবাৰ ক’ৰ্টত ‘জলী বনাম জলী’ হ’ব, কাৰণ অক্ষয় কুমাৰৰ লগতে আৰছাদ ৱাৰ্ছিও নিজৰ বিখ্যাত চৰিত্ৰত ঘূৰি আহিছে। তেওঁৰ লগতে এই ছবিখনৰ আত্মা বুলি কোৱা সৌৰভ শুক্লাকো দেখা যাব।
সুভাষ কাপুৰৰ ৰচনা আৰু পৰিচালনাৰ বিপৰীতে প্ৰযোজক হৈছে আলোক জৈন আৰু অজিত আন্ধাৰে। নিৰ্মাতাসকলে কয় যে এইবাৰ বাজি আগৰ তুলনাত বেছি হ’ব, কাহিনীটোত হাস্যৰস আৰু সামাজিক বাৰ্তা দুয়োটাৰে এক শক্তিশালী সংমিশ্ৰণ দেখা যাব। এতিয়া দৰ্শকৰ বাবে অপেক্ষা বেছি দিন নাই, কিয়নো ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ‘জলি এল এল বি ৩’।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
