কাবুল, ৩১ ডিচেম্বৰ (হি.স.)। আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰে। তাৰকা স্পিনাৰ ৰছিদ খানে দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে ইব্ৰাহিম জাদ্ৰানক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। একেটা দলে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আগন্তুক টি-২০ ছিৰিজতো অংশগ্ৰহণ কৰিব।
বিশ্বকাপৰ অভিযানৰ পূৰ্বে আফগানিস্তানে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তিনিখন খেলৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব, যিখন খেল আফগানিস্তানে আয়োজন কৰিব। সংযুক্ত আৰব আমিৰশ্বাহীত ১৯ৰ পৰা ২২ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এই ধাৰাবাহিকখন।
অভিজ্ঞ অলৰাউণ্ডাৰ গুলবাদিন নাইব আৰু বেগী বলাৰ নবীন উল হক ১৫ জনীয়া দললৈ ঘূৰি আহিছে। কান্ধৰ আঘাতৰ পৰা সুস্থ হৈ উঠা নবীয়ে আফগানিস্তানৰ দ্ৰুত বলিং আক্ৰমণক শক্তিশালী কৰি তুলিছে। বাওঁহাতৰ মিডল অৰ্ডাৰ বেটছমেন শ্বাহিদুল্লাহ কমল আৰু উইকেটকীপাৰ বেটছমেন মহম্মদ ইছহাকে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে। যুৱ বেগী বলাৰ আব্দুল্লা আহমদজাইকো মূল দলত অন্তৰ্ভুক্ত কৰা হৈছে। ১৫ জনীয়া দলটোত ফাষ্ট বলাৰ ফজল হক ফাৰুকীকো অন্তৰ্ভুক্ত কৰা হৈছে।
ৰিজাৰ্ভ তালিকাত অন্তৰ্ভুক্ত হৈছে যুৱ স্পিনাৰ এ এম গাজানফৰ। তেওঁৰ সৈতে আছে মিডল অৰ্ডাৰ বেটছমেন ইজাজ আহমদজাই আৰু যুৱ বেষ্ট বলাৰ জিয়া উৰ ৰহমান শ্বৰীফী।
এচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া নাছিব খানে কয় যে যোৱা টি-২০ বিশ্বকাপত আফগান দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। আমাৰ বহু ভাল স্মৃতি আছে আৰু আমি আশা কৰিছো যে এইবাৰ এছিয়াৰ পৰিস্থিতিত খেলা প্ৰতিযোগিতাখনত দলটোৱে আৰু ভাল প্ৰদৰ্শন কৰিব।’ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শৃংখলাৰ সন্দৰ্ভত তেওঁ কয় যে শক্তিশালী দল এটাৰ আতিথ্য প্ৰদান কৰিলে আমাৰ কম্বিনেচন পৰীক্ষা কৰাৰ সুযোগ পোৱা যাব আৰু বিশ্বকাপৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰিম।
মুখ্য নিৰ্বাচক আহমেদ শ্বাহ চুলেইমনখিয়ে কয় যে বিগত কিছুদিন ধৰি ব্যাপক আলোচনাৰ অন্তত দলটো নিৰ্বাচিত কৰা হৈছে। গুলবাদিন নাইব ডাঙৰ মেচৰ খেলুৱৈ আৰু তেওঁৰ প্ৰত্যাৱৰ্তনে দলটোক শক্তিশালী কৰি তুলিব। নবীন উল হকক ঘূৰি অহাত আমিও আনন্দিত হৈছো, যিয়ে আমাৰ দ্ৰুত বলিঙৰ উন্নতি সাধন কৰিব।
আফগানিস্তান দল (ৱেষ্ট ইণ্ডিজ শৃংখলা আৰু টি-২০ বিশ্বকাপ ২০২৬)ৰছিদ খান (অধিনায়ক), ইব্ৰাহিম জাদ্ৰান (উপ অধিনায়ক), ৰহমানুল্লাহ গুৰবাজ (উইকেটকীপাৰ), মহম্মদ ইছহাক (উইকেটকীপাৰ), ছিদিকুল্লাহ অটল, দৰৱেছ ৰাছুলি, শ্বাহিদুল্লাহ কমল, আজমতুল্লাহ উমৰজাই, গুলবাদিন নাইব, মহম্মদ নবি, নূৰ আহমদ, মুজিব-উৰ-ৰহমান, নবীন উল হক, ফজল হক ফাৰুকী, আব্দুল্লা আহমদজাই।
ৰিজাৰ্ভ খেলুৱৈ:
এ এম গাজানফৰ, ইজাজ আহমদজাই, জিয়া-উৰ-ৰহমান শ্বৰীফি।
বিশ্বকাপত পুল ডিত আফগানিস্তানআইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে আফগানিস্তানে পুল ডিত স্থান লাভ কৰিছে, য’ত নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, সংযুক্ত আৰব আমিৰশ্বাহী, কানাডাৰ বিৰুদ্ধে খেলিব।
আফগানিস্তানে অহা ৮ ফেব্ৰুৱাৰীত চেন্নাইত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
