• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কানাডিয়ান অ’পেন ২০২৫: পুৰুষ শাখাত ঝভেৰেভক পৰাস্ত কৰি খাচানভৰ ফাইনেলত প্ৰৱেশ
Sports

কানাডিয়ান অ’পেন ২০২৫: পুৰুষ শাখাত ঝভেৰেভক পৰাস্ত কৰি খাচানভৰ ফাইনেলত প্ৰৱেশ

CliQ INDIA
Last updated: August 7, 2025 11:01 pm
CliQ INDIA
Share
2 Min Read
SHARE

মণ্ট্ৰিয়েল, ০৭ আগষ্ট(হি.স.)। ৰাছিয়াৰ ১১ নং স্থানপ্ৰাপ্ত টেনিছ খেলুৱৈ কেৰেন খাচানভে ২০২৫ চনৰ কানাডিয়ান অ’পেনৰ পুৰুষ একক শাখাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। বুধবাৰে এখন ৰোমাঞ্চকৰ মেচত শীৰ্ষ বাচনিৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৬-৩, ৪-৬, ৭-৬ (৭/৪) ব্যৱধানত পৰাস্ত কৰি স্থান লাভ কৰে। খাচানভে এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰি তৃতীয় ছেটৰ টাইব্ৰেকত ১-৩ ত পিছ পৰি থকাৰ পাছতো জয়লাভ কৰে।

এই জয়ৰ জৰিয়তে খাচানভে কেৰিয়াৰৰ ১১ সংখ্যক এ টি পি ফাইনেলত প্ৰৱেশ কৰিছে, য’ত তেওঁ টেইলৰ ফ্ৰিটজ বা বেন শ্বেলটনৰ বিৰুদ্ধে খেলিব। দুয়োৰে মাজত অনুষ্ঠিত হোৱা অল আমেৰিকান ছেমি ফাইনেলখন কাৰিকৰী দোষৰ বাবে আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছিল। ইলেক্ট্ৰনিক লাইন কলিং ব্যৱস্থাৰ সমস্যাৰ বাবে মেচখন পিছুৱাই দিব লগা হৈছিল। মেচৰ সময়ত খাচানভে এটা গুৰুত্বপূৰ্ণ মেচ পইণ্ট ৰক্ষা কৰিছিল যেতিয়া তৃতীয় ছেটত স্ক’ৰ ৬-৬ হৈছিল আৰু ঝভেৰেভৰ বেকহেণ্ড নেটত সোমাইছিল। প্ৰায় তিনি ঘণ্টা ধৰি চলি থকা মেচখনত ঝভেৰেভে ৪৪টা অবাঞ্চিত ভুল কৰাৰ বিপৰীতে খাচানভে ২৯টা বিজয়ী আৰু ৩৪টা অবাধ্য ভুলৰ সৈতে সুষম খেল প্ৰদৰ্শন কৰে।

জয়ৰ পিছত খাচানভে কয়, মানসিক আৰু শাৰীৰিকভাৱে এইখন অতি প্ৰত্যাহ্বানমূলক মেচ আছিল। মই নিজকে কৈছিলো যে যিয়েই নহওক কিয়, মই চেষ্টা কৰিব লাগিব আৰু হাৰ নামানিব। টাই ব্ৰেকত ফাইনেলৰ কথা আহিলে নেতিবাচক চিন্তাৰ কোনো স্থান নাথাকে।

খাচানভে এই ছিজনৰ প্ৰথমখন ফাইনেল খেলিব। ইয়াৰ পূৰ্বে বাৰ্চিলোনা আৰু হালেত ছেমি ফাইনেলত পৰাস্ত হৈছিল। প্ৰথম ছেটত চতুৰ্থখন খেলত বিৰতি লৈ অগ্ৰগতি লাভ কৰি শেষলৈকে অগ্ৰগতি বজাই ৰাখিছিল। দ্বিতীয় ছেটত ঝভেৰেভে শেষৰ আঠটা পইণ্ট লাভ কৰি মেচখনত পুনৰ উভতি আহিছিল যদিও শেষত খাচানভে জয়লাভ কৰে।

এতিয়া সকলোৰে দৃষ্টি থাকিব খাচানভৰ অন্তিমখন মেচত, য’ত তেওঁ খিতাপ জয় কৰাৰ চেষ্টা কৰিব আৰু ছিজনৰ প্ৰথমটো ট্ৰফী তুলি ল’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বক্সিং ডে’ টেষ্টত স্মিথৰ অধিনায়কত্বত চাৰিজন বেগী বলাৰক লৈ খেলপথাৰত নামিবৰ অষ্ট্ৰেলিয়া
RCB তাদের আধিপত্য বজায় রাখার লক্ষ্য নিয়েছে যখন DC IPL ২০২৬ মুখোমুখি পুনরুজ্জীবনের জন্য লড়াই করছে
ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়াৰ ‘ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল’ত অংশগ্ৰহণ, থলুৱা সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান
মহিলা প্ৰিমিয়াৰ লীগৰ বাবে বিচিচিআইৰ কমিটী ঘোষণা
চীন মাষ্টাৰছ বেডমিণ্টনঃ দ্বিতীয় ৰাউণ্ডত পৰাস্ত শীৰ্ষ মহিলা খেলুৱৈ এন চে-ইয়ং আৰু গিন্টিং এণ্টনি চিনিছুকা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article গোৰেশ্বৰত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
Next Article ‘নিশাঞ্চি’ৰ এক শক্তিশালী পোষ্টাৰ মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?