নতুন দিল্লী, ২৯ অক্টোবৰ (হি.স.)। আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ ২৯ সংখ্যক খেলখন আজি দেওবাৰে লক্ষ্ণৌত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। এই মেচত ভাৰতীয় দলটোৱে পুৰণি হিচাপ আদায় কৰাৰ আশাৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব। ৰোহিত শৰ্মাৰ অধিনায়কত্বত থকা ভাৰতীয় ক্ৰিকেট দলৰ বিজয়ৰ ৰথ অক্ষত আছে। ইটোৰ পিছত সিটো বিশ্বকাপত তেওঁ অবিৰতভাৱে আন দলক পৰাস্ত কৰি আছে। ২০২৩ চনৰ বিশ্বকাপত এতিয়ালৈকে ভাৰতে খেলা ৫ খন খেলৰ ভিতৰত ৫ খন খেলতেই জয়লাভ কৰিছে, যাৰ বাবে ভাৰতে ১০ পইণ্টেৰে দ্বিতীয় স্থানত আছে। এতিয়া ভাৰতৰ পৰৱৰ্তী মেচ বৰ্তমানৰ বিশ্ব চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে। ৰোহিত সেনাই ব্ৰিটিছৰ বিৰুদ্ধেও জয়ৰ ছিক্সাৰ মাৰিব বিচাৰিব।
মন কৰিবলগীয়া যে বিশ্বকাপত যেনেকৈ ভাৰতে বিগত ২০ বছৰত নিউজিলেণ্ডক এখনো মেচত পৰাস্ত কৰিব পৰা নাছিল। ইংলেণ্ডৰ ক্ষেত্ৰতো হুবহু একেই কথা। বিশ্বকাপত বিগত ২০ বছৰত ইংলেণ্ডৰ বিৰুদ্ধে এখনো মেচত জয়ী হোৱা নাই টিম ইণ্ডিয়া। কিন্তু ভাৰতীয় দলটোৱে যেনেকৈ কিবিৰ দম্ভ ভংগ কৰিলে, ঠিক সেইদৰে ইংলেণ্ডৰ অহংকাৰো ভাঙিবলৈ চেষ্টা কৰিব।
চলিত বিশ্বকাপত ইংলেণ্ডৰ ফৰ্ম অতি দুৰ্বল। ইংলেণ্ডে এতিয়ালৈকে খেলা ৫ খন মেচৰ ভিতৰত মাত্ৰ ১ খনতহে জয়লাভ কৰিছে। নেট ৰান ৰেট বেয়া হোৱাৰ বাবে দলটো পইণ্ট টেবুলৰ শেষ স্থানত আছে। এনে পৰিস্থিতিত ভাৰতক এই মেচখনৰ ফেভাৰিট বুলি কোৱা হৈছে।
শেষবাৰৰ বাবে ২০০৩ চনত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ডক ৮২ ৰানত পৰাস্ত কৰিছিল । ইয়াৰ পিছত ২০১১ চনৰ বিশ্বকাপত দুয়োটা দলৰ মুখামুখি হৈছিল। এই মেচখন ড্ৰ’ হৈছিল। ইয়াৰ পিছত ২০১৯ চনত দুয়োটা দলৰ মাজত সংঘৰ্ষ হয়। এই খেলখনত ইংলেণ্ডে ভাৰতক ৩১ ৰানত পৰাস্ত কৰে। গতিকে এইদৰেই ২০ বছৰে টিম ইণ্ডিয়াই বিশ্বকাপত ইংলেণ্ডক পৰাস্ত কৰিব পৰা নাই।
বিশ্বকাপত মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে দুয়োটা দলে এদিনীয়া বিশ্বকাপত ৮ বাৰকৈ মুখামুখি হৈছে। ইংলেণ্ডে ৮ খন খেলৰ ভিতৰত ৪ খন খেলত জয়লাভ কৰিছে, ভাৰতে ৩ খন খেলত জয়লাভ কৰিছে, আনহাতে ১ খন খেলত টাই হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
