কোকৰাঝাৰ, ৩০ ডিচেম্বৰ (হি.স.): বিটিচিৰ চিৰাং জিলাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত নাগদোলবাৰী গাঁৱৰ ছাইমন কিস্কু নামৰ যুৱক এজনক দুজন দুস্কৃতিকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰাত আদিবাসীৰ বিভিন্ন দল সংগঠনে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিছে লগতে এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত সকলক শীঘ্ৰে চিনাক্ত আৰু আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ অধ্যক্ষ অসীম হাছদাই।
অধ্যক্ষজনে যোৱা কালি সোমবাৰে সন্ধিয়া তেঁও শ্ৰীৰামপুৰৰ বাসভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰ আলম লৈ যাতে পুনৰ জাতিগত হিংসাৰ পৰিৱেশ বিয়পি নপৰে তাৰ প্ৰতি উভয় পক্ষক সজাগ আৰু সংযত থাকিবলৈ আহ্বান জনায়। কিয়নো দুস্কৃতিকাৰীৰ কোনো জাত ধৰ্ম নাই। যি সকল দোষী তেঁওলোকক চিনাক্ত কৰি আইন মতে শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনৰ প্ৰতিও তেঁও আহ্বান জনায়।
একেখন সংবাদ মেলত আদিবাসী কল্যাণ আৰু উন্নয়ণ পৰিষদৰ কাৰ্যবাহী সদস্য মণ্ডল হাছদাইও উক্ত অভাৱনীয় আৰু হিংসাত্মক ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
