
নগাঁও, ২৩ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ দেউচুৰ দলংৰ ৰেলিং ভাঙি যোৱা কালি শনিবাৰে নিশা দ’খাৱৈত বাগৰি পৰিল কয়লা ভৰ্তি ষোল্লচকীয়া ট্ৰাক এখন। ইয়াৰ ফলত বহু সময় ধৰি উজনি-নামনি যাতায়ত বন্ধ হৈ পৰে। যোৰহাট দিশৰ পৰা নগাঁও দিশে আহি আছিল বিআৰ ০৬ জিডি ৫৭৫১ নম্বৰৰ কয়লাভৰ্তি ট্ৰাকখন।
ঘটনাস্থলিত বন-বিভাগৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখ্য যে দূৰ্ঘটনাগ্ৰস্থ বাহনখনৰ ওচৰত নাছিল চালক তথা হেন্দিমেন।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
