হোজাই, ০৪ ছেপ্টেম্বৰ (হি.স.)। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগা হৈছে লংকাৰ উদালী তিনিআলি গাঁৱৰ ৰাইজে। বিশুদ্ধ খোৱা পানী যোগানৰ পানীৰ প্ৰকল্প থাকিও উদালী তিনিআলি গাঁৱৰ ৰাইজে আজিলৈকে নাপালে এটুপি বিশুদ্ধ খোৱাপানী।
অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন আঁচনিৰ অধিনত ২০২২চনতেই লংকাৰ উদালী তিনিআলি গাঁৱত আবণ্টন হৈছিল এটা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প। পিছে আজিলৈকে সম্পূৰ্ণ নহ’ল এই পানী যোগান প্ৰকল্পটো, যাক লৈ ক্ষোভিত এতিয়া স্থানীয় ৰাইজ তথা মহিলাসকল।
আনহাতে ঠিকাদাৰৰ গাফিলতিততে হওঁক বা বিভাগীয় কৰ্তৃপক্ষৰ বাবেই হওঁক, ২০২২ চনতে আবণ্টিত হোৱা পানী যোগান প্ৰকল্পটো এতিয়া হাবি জঙ্ঘলে আৱৰি ধৰা পৰিলক্ষিত হৈছে, যাৰ বাবে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে উক্ত পানী যোগান প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰি ৰাইজক এটুপি বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকালৈ আহ্বান জনাইছে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
