কাছাৰ, ২১ অক্টোবৰ (হি.স.)। কাছাৰৰ উধাৰবন্দ পানগ্ৰামত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত এজন বাইক আৰোহীৰ মৃত্যু হয়। মৃত যুৱক জন উধাৰবন্দ ঠালিগ্রামৰ অভিষেক পাল ওৰফে বিশ্ব বুুলি জানিব পৰা গৈছে।
পুৱতি নিশা বাইক লৈ উধাৰবন্দৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত উধাৰবন্দৰ পানগ্ৰাম অঞ্চলত নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনে পথৰ দাঁতিত থকা এটি বাসগৃহৰ গেটত গৈ দ্ৰুতগতিত খুন্দা মাৰে। ফলত থিতাতে মৃত্যু ঘটে লোকজনৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
