
ওদালগুৰি, ১১ নৱেম্বৰ (হি.স.): ওদালগুৰিৰ ভাৰত-ভূটান সীমান্ততৰ ভেৰগাঁৱৰ বৃহত্তৰ ডিমাকুছি অঞ্চলত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাত তীব্ৰতৰ হোৱাৰ সময়তে অঞ্চলটোৰ উত্তৰ নাওবান্ধাত বাঘৰ আক্ৰমণ তিনিজনকৈ লোক গুৰুতৰ ভাবে আক্ৰান্ত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বাঘৰ আক্ৰমণত আঘাত প্ৰাপ্ত হোৱা লোক কেইজন হৈছে ক্ৰমে দীপক মগৰ (২৬), দূৰ্গা মগৰ ( ৫০) আৰু বেনদা মুণ্ডা (৪০) ৷ শুক্ৰবাৰে আবেলি উক্ত লোককেইজনে উত্তৰ নাওবান্ধাস্থিত এখন ক্ষুদ্ৰ চাহবাগিছাত কাম কৰি থকা অৱস্থাতে প্ৰকাণ্ড নাহৰ ফুটুকী বাঘ এটাই আক্ৰমণ কৰে ৷
আক্ৰান্তলোক কেইজনক তামুলপুৰ জিলাৰ নাওকাটাৰ শুক্লাইস্থিত চিকিৎসালয়ত ভৰ্তি কৰে যদিও অতি সংকটজনক অৱস্থাত দূৰ্গা মগৰ আৰু দিপক মগৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে ৷ ঘটনা স্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও শনিবাৰেও বাঘটো খেদি পঠাবলৈ ব্যৰ্থ হয় ৷ অঞ্চলটোত অব্যাহত আছে তীব্ৰ আতংক ৷ ভাৰত-ভূটান সীমান্ত অঞ্চলত এটিয়া বন্যপ্ৰাণী-মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধানত ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগ ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
