যোৰহাট, ০৭ অক্টোবৰ (হি.স.)। মৰিয়নিত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকৰ যৌন নিৰ্যাতনৰ চেষ্টা। বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকে ছাত্ৰী গৰাকীক স্প্ৰে মাৰি অচেতন কৰি যৌন নিৰ্যাতন কৰাৰ চেষ্টা কৰে।মেজিক খন আন যাত্ৰী নথকাৰ সুযোগ গ্ৰহণ কৰি চালকে ছাত্ৰী গৰাকীক স্প্ৰে মাৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ যোৰহাট মৰিয়নি ৰেল গেট বন্ধ থকাৰ বাবে ছাত্ৰী গৰাকী মেজিক খনৰ পৰা পলাবলৈ সক্ষম হয়।মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী গৰাকী বিদ্যালয়ত উপস্থিত হৈ অচতেন হৈ পৰাত সমগ্ৰ বিষয়টো পোহৰলৈ আহে।বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে ততাতৈয়াকৈ মৰিয়নি নগৰীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰাথমিক চিকিৎসাৰ বাবে ছাত্ৰী গৰাকীক লৈ যায়৷পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
