ইছলামাবাদ (পাকিস্তান), ২০ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ আকাশমাৰ্গ অহা ২৩ অক্টোবৰলৈকে ভাৰতৰ মালিকানাধীন বা ভাৰতীয় পৰিচালিত সকলো বিমান সংস্থাৰ বাবে নিষিদ্ধ হৈ থাকিব। শুকুৰবাৰে পাকিস্তান বিমানবন্দৰ কৰ্তৃপক্ষই জাৰি কৰা নতুন নোটম (Notice to Airmen) অনুসৰি এই নিষেধাজ্ঞাৰ দ্বাৰা ভাৰতীয় বাণিজ্যিক বিমান সংস্থা, ভাৰতৰ পঞ্জীয়নভুক্ত বিমান, আৰু সামৰিক বিমান সেৱাসমূহ পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে।
নিউজ কাকতখনে প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাৰমাণৱিক অস্ত্ৰধাৰী দক্ষিণ এছিয়াৰ দুয়োখন দেশৰ মাজত উত্তেজনা অব্যাহত আছে। পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণৰ কাৰণ হিচাপে পাকিস্তানে পানীৰ কথা উল্লেখ কৰিছে। পাকিস্তানে ভাৰতৰ সিন্ধু জল সন্ধি আৰু অন্যান্য প্ৰতিশোধমূলক ব্যৱস্থা স্থগিত ৰখাৰ কথা বিশ্বৰ সন্মুখত উত্থাপন কৰিছে।
পেহেলগাম আক্ৰমণৰ পিছত দ্বিপাক্ষিক উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে নতুন দিল্লীয়ে গুৰুত্বপূৰ্ণ সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানে টিট ফৰ টেট ব্যৱস্থা গ্ৰহণ কৰিছিল। পাকিস্তানৰ এই সিদ্ধান্তৰ পিছতে ভাৰতেও ৩০ এপ্ৰিলত পাকিস্তানী বিমান সংস্থাৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে। পিছত পাকিস্তানে ২৩ মে’ত আৰু এমাহৰ বাবে প্ৰাৰম্ভিক নিষেধাজ্ঞা বৃদ্ধি কৰে। এতিয়া অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে।
পাকিস্তানে অভিযোগ কৰিছে যে ভাৰতে ৬ আৰু ৭ মে’ত নিজৰ চহৰসমূহত অপ্ৰৰোচিত আক্ৰমণ চলাইছিল। পাকিস্তানে দাবী কৰিছে যে ভাৰতৰ ক্ষতিসাধন কৰিবলৈ অপাৰেচন বনয়ান-উম-মাৰ্ছুছ আৰম্ভ কৰিছিল। নতুন দিল্লীয়ে দাবী কৰে যে এই আক্ৰমণসমূহে “সন্ত্রাসবাদী আত্মগোপন স্থান”ক লক্ষ্য কৰি লৈছে ৷
কমেও ৮৭ ঘণ্টাৰ অন্তত ১০ মে’ত দুয়োখন দেশৰ মাজত যুদ্ধৰ অন্ত পৰে। পাকিস্তানে এনে নিষেধাজ্ঞা আৰোপ কৰাটো প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ আৰু ২০১৯ চনৰ পুলৱামা সংকটৰ সময়ত আকাশমাৰ্গ বন্ধ কৰা হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
