ৱাশ্বিংটন, ১৯ নৱেম্বৰ (হি.স.)। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মঙলবাৰে পুনৰ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত চলিত বৰ্ষত পূৰ্ণাংগ যুদ্ধ ৰোধ কৰা হৈছে যিটো পাৰমাণৱিক যুদ্ধলৈ পৰিণত হ’ব পাৰিলেহেঁতেন। অৱশ্যে তেওঁৰ বক্তব্য সন্দৰ্ভত এতিয়াও কোনো মন্তব্য কৰা নাই ভাৰতে।
অভাল অফিচত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে হোৱা দ্বিপাক্ষিক বৈঠকত ট্ৰাম্পে কয় যে ভাৰত-পাকিস্তান সংঘাতকে ধৰি তেওঁৰ দ্বিতীয় কাৰ্যকালত মুঠ ৮খন যুদ্ধ ৰোধ কৰা হৈছে। তেওঁ জোৰ দি কয় যে, মই আচলতে আঠখন যুদ্ধ ৰোধ কৰিছো… পুটিনৰ সৈতে আন এখন যুদ্ধ চলি আছে। কিন্তু আমি শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ আৰম্ভ হ’বলগীয়া যুদ্ধ এখনো বাধা দিছো। মই সেইটো লৈ গৌৰৱান্বিত।
২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সামৰিক সংঘাতৰ প্ৰেক্ষাপটত ট্ৰাম্পৰ এই বক্তব্য প্ৰকাশ পাইছে, যেতিয়া পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ ভূখণ্ডত থকা সন্ত্ৰাসবাদী ঘাটিসমূহত আক্ৰমণ কৰিছিল। পাকিস্তানে ড্ৰোন আক্ৰমণ আৰু সীমা অতিক্ৰম কৰি গুলীচালনাকে ধৰি প্ৰতিশোধ লয়। ইয়াৰ ফলত দুয়োপক্ষৰ মাজত পাৰমাণৱিক যুদ্ধৰ আশংকা বৃদ্ধি পালে বুলি জানিব পৰা গৈছে।
ট্ৰাম্পে দাবী কৰে যে দুয়োখন দেশে আমেৰিকাৰ মধ্যস্থতাত “সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতি”ৰ বাবে সন্মতি প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে কয়, তেওঁলোকে তীব্ৰ যুদ্ধ কৰি আছিল, আৰু সেয়া বন্ধ কৰিব নোৱাৰা যেন লাগিছিল। মই কৈছিলো যে যুদ্ধ চলি থাকিলে বাণিজ্যিক চুক্তি বাতিল কৰিম। দুয়োখন দেশৰ নেতাই বাণিজ্য বিচাৰিছিল, গতিকে তেওঁলোকে যুদ্ধ বন্ধ কৰি দিলে। লাখ লাখ মানুহৰ মৃত্যু হ’ব পাৰিলেহেঁতেন, কিন্তু মই পাৰমাণৱিক যুদ্ধত বাধা দিলোঁ।
তেওঁ কূটনৈতিক সফলতাৰ কাৰণ বাণিজ্যিক প্ৰৰোচনা আৰু আমদানি শুল্কৰ ভাবুকি বুলি কয়। চলিত বৰ্ষৰ মে’ মাহৰ পৰা ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ ৰোধ কৰা বুলি ৪০ বাৰতকৈও অধিক বাৰ কৈছে। অৱশ্যে ভাৰতে ধাৰাবাহিকভাৱে আমেৰিকাৰ হস্তক্ষেপক অস্বীকাৰ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিয়ে যে যুদ্ধবিৰতি আমেৰিকাৰ মধ্যস্থতাত নহয়, পাকিস্তানৰ সৈতে প্ৰত্যক্ষ আলোচনাৰ জৰিয়তেহে সম্ভৱ হৈছে। ইফালে ভাৰতৰ বিৰোধী কংগ্ৰেছ দলে তেতিয়াৰ শাসকীয় ভাৰতীয় জনতা পাৰ্টিক লক্ষ্য কৰি ট্ৰাম্পে বাৰে বাৰে এই দাবী উত্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে। যদি তেওঁ যুদ্ধত বাধা দিছিল তেন্তে বাণিজ্যিক চুক্তিৰ ওপৰত হেঁচা কিয়? ইয়াৰ দ্বাৰা চৰকাৰৰ কূটনৈতিক ব্যৰ্থতা উদঙাই দিয়া হৈছে।
পাকিস্তানে অৱশ্যে ট্ৰাম্পৰ ভূমিকাক প্ৰশংসা কৰিছে।
ছৌদি ৰাজকুমাৰৰ সৈতে হোৱা বৈঠকত ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ কৰাকে ধৰি তেওঁৰ শান্তি প্ৰচেষ্টাৰ তালিকা প্ৰস্তুত কৰে। তেওঁ কয় যে পুটিনক লৈ মই অলপ আচৰিত হৈছো, আমি ভবাতকৈ বেছি সময় লৈছে।
ট্ৰাম্পৰ এই দাবী তেওঁৰ ঘৰুৱা ৰাজনীতিক শক্তিশালী কৰাৰ কৌশল বুলি ধাৰণা কৰা হৈছে যদিও ইয়াৰ ফলত ভাৰতৰ সাৰ্বভৌমত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।
ইফালে হোয়াইট হাউছে ট্ৰাম্পক শান্তি নোবেল বঁটাৰ বাবে মনোনীত কৰাৰ কথা ঘোষণা কৰিছিল যদিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে ততাতৈয়াকৈ কোনো মন্তব্য নকৰিলে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ট্ৰাম্পৰ এই বক্তব্যক আদৰণি জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ
