
কোকৰাঝাৰ, ১১ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰৰ জিলা দণ্ডাধীশ মাছাণ্ডা পাৰ্টিনে এক নিৰ্দেশযোগে আগন্তুক বিটিচি নিৰ্বাচনৰ সময়ত “ড্ৰাই ডে হিচাপে ঘোষণা কৰা দিনবোৰত জিলাখনত সুৰা আৰু অন্যান্য মাদক দ্ৰব্য ৰখা, বিক্ৰী কৰা আৰু সেৱন কৰাত নিষেধাজ্ঞা জাৰি কৰিছে। এই আদেশটো জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (গ) ধাৰা অনুসৰি আৰু অসম আবকাৰী নিয়ম, ২০১৬ৰ নিয়ম ৩২৬(ক)ৰ অধীনত জাৰী কৰা হৈছে।
এই নিৰ্দেশ অনুসৰি ২০ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি ৪:০০ বজাৰ পৰা ২২ ছেপ্টেম্বৰৰ, ২০২৫ৰ বিয়লি ৪:০০ বজালৈ ভোটগ্ৰহণ সমাপ্ত হোৱালৈ ৪৮ ঘণ্টা সুৰাৰ ওপৰত নিষেধাজ্ঞা বলবৎ থাকিব। ২৬ ছেপ্টেম্বৰত ভোট গণনাৰ দিনটো ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে লগতে যদি ২৪ ছেপ্টেম্বৰত নতুন ভোট গ্ৰহণ হয় তেনেহ’লে এই দিনটোও ড্ৰাই ডেহিচাপে গণ্য হ’ব।
সেই অনুসৰি কোকৰাঝাৰ জিলাৰ সকলো পাইকাৰী গুদাম, আই এম এফ এল খুচুৰা দোকান (OFF & ON), কান্ট্ৰী স্পিৰিট দোকান, ক্লাব, হোটেল, ৰেষ্টুৰেণ্ট আৰু অনুৰূপ প্ৰতিষ্ঠানসমূহ ড্ৰাই ডে ত বন্ধ থাকিব। ব্যক্তিগত ভাৱে সুৰা মজুত ৰখাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই আদেশ কঠোৰভাৱে বলবৎ কৰা হ’ব আৰু আদেশ উলংঘা হ’লে অসম আবকাৰী আইন আৰু নিৰ্বাচনী বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
নিৰ্বাচন সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে পৰিচালিত হোৱাৰ বাবে সংশ্লিষ্ট সকলোকে সহযোগিতা আগবঢ়াবলৈ জিলা দণ্ডাধীশে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
