বাক্সা, ১৭ জুলাই (হি.স.): বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে বিপিএফ দলৰ। বাক্সাৰ দাওধৰাত যোৱাকালি বুধবাৰে বিয়লি অনুষ্ঠিত হোৱা যুৱ বিপিএফ দলৰ কাৰ্যবাহী সমিতি (CWC) সভাত অংশগ্ৰহণ কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শাসকীয় ইউপিপিএল আৰু বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।সংবাদমাধ্যৰ আগত হোৱা সাক্ষাৎকাৰত তেওঁ ইউপিপিএল দল তথা প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে ।
বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিত ১০০ শতাংশ দুৰ্নীতি কৰিছে প্ৰমোদ বড়োৱে । ২৫ৰ বিটিচি নিৰ্বাচনত প্ৰমোদ বড়োৰ ফলাফল শূন্য হ’ব, কোনো কাম নহ’ব । প্ৰমোদ বড়োৰ চেহেৰা চালেই গম পাই যায় তেওঁ চৰকাৰ গঠন কৰিব নে নোৱাৰে । এনডিএফবি বিলাক জেইলত আছে, বিটিআৰত শান্তি নাই । বিটিআৰত প্ৰমোদ বড়োৱেহে অশান্তি আনিছে, আমাৰ দিনতহে শান্তি আছিল । বিপিএফ দলৰ কোনো দলৰ লগত বুজাবুজি নাই। হাগ্ৰামাই কয় যে এবছুৰ সভাপতি দিপেন বড়োৱে ইউপিপিএল আৰু বিপিএফ দলৰ লগত আলোচনা কৰিব বিছাৰিছিল, কিন্তু প্ৰমোদ বড়োৱেহে আগবাঢ়ি অহা নাই । হাগ্ৰামা মহিলাৰীৰ পৰা বাঘা বাঘা নেতা গুচি যোৱা বুলি প্ৰমোদ বড়োৱে কৈ থকাক লৈ কলে যে – আমাৰ পৰা ইউপিপিএলত যোৱা কোনো বাঘা বাঘা নেতা নাই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
