পাটনা, ০৬ ছেপ্টেম্বৰ (হি.স.)। বিহাৰৰ গয়াজীৰ পৰা যোৱা নিশা অমৃতসৰ মন্দিৰৰ গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিস্তানী সৰণজীত ওৰফে ছানীক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দলে (এনআইএ) গ্ৰেপ্তাৰ কৰে। দীৰ্ঘদিন ধৰি পলাতক হৈ থকা সাৰঞ্জিতে এইকেইদিন নিজৰ পৰিচয় লুকুৱাই বিহাৰত বাস কৰিছিল। এই ইনপুট পোৱাৰ পিছত এন আই এৰ দলে অভিযান চলাই গভীৰ নিশা গ্ৰেপ্তাৰ কৰে।
শেহতীয়াকৈ এন আই এৰ দলটোৱে বিহাৰত সৰণজীত সক্ৰিয় হৈ থকাৰ তথ্য লাভ কৰিছিল। ইয়াৰ পিছত দলটোৱে তেওঁৰ কাৰ্যকলাপ অহৰহ নিৰীক্ষণ কৰি আছিল। শুকুৰবাৰে গভীৰ নিশা এন আই এৰ দলটোৱে জিলাখনৰ শ্বেৰঘাটী থানা এলেকাৰ গোপালপুৰ গাঁৱৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই সাৰঞ্জিতক গ্ৰেপ্তাৰ কৰে। অভিযানৰ সময়ত শ্বেৰঘাটী আৰক্ষীও থিতাতে উপস্থিত আছিল।
গ্ৰেপ্তাৰৰ পিছত শনিবাৰে পুৱা সৰণজিতৰ সৈতে গয়াজীৰ পৰা চণ্ডীগড় অভিমুখে ৰাওনা হয় এনআইএৰ দলটো। শ্বেৰঘাটী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত কুমাৰে জনোৱা মতে, সৰণজিতক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি পুৱা তেওঁৰ সৈতে এনআইএৰ দল চণ্ডীগড়লৈ ৰাওনা হয়। চণ্ডীগড়ত এন আই এয়ে জেৰা কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
