• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > গহপুৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থাপন কৰিলে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা
National

গহপুৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে স্থাপন কৰিলে শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা

CliQ INDIA
Last updated: November 9, 2025 8:37 am
CliQ INDIA
Share
4 Min Read
SHARE

৪১৫ কোটি টকা ব্যয় সাপেক্ষে গহপুৰত অসমৰ প্ৰথমখন টি-ভেট বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব

চৰকাৰে ২০১৪-ৰ পৰা উত্তৰ-পূবৰ শিক্ষা খণ্ডত প্ৰায় ২১,০০০ কোটি টকা বিনিয়োগ কৰিছেঃ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ

গুৱাহাটী, ০৮ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি গহপুৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে । ৪১৫ কোটি টকা প্রকল্প ব্যয় সাপেক্ষে অসমৰ উক্ত প্রথমখন কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষা তথা প্রশিক্ষণ (টি–ভেট, T-VET) বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ’ব। ইয়াত কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, ড্ৰোন প্রযুক্তি আৰু কোৱান্টাম কম্পিউটিঙৰ দৰে অত্যাধুনিক ক্ষেত্রসমূহত পাৰ্গত এক দক্ষ, ভৱিষ্যতৰ বাবে সাজু প্রজন্ম গঢ় তোলাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াত সমবেতসকলক সম্বোধনেৰে সীতাৰমণে কয় যে গহপুৰে প্ৰতিজন অসমীয়াৰে হৃদয়ত এক বিশেষ স্থান লাভ কৰি আহিছে । এই ভূমি হৈছে ৰাষ্ট্ৰীয় পতাকাৰ মৰ্য্যাদা অক্ষুণ্ণ ৰাখিবলৈ মাত্ৰ ১৭ বছৰ বয়সতে প্ৰাণ আহুতি দিয়া সাহসী মুক্তিযোদ্ধা শ্বহীদ কনকলতা বৰুৱাৰ জন্মস্থান। “তেওঁৰ স্মৃতিত এখন বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা হৈছে তেওঁৰ সৰ্বস্ব ত্যাগৰ প্ৰতি যথোপযুক্ত শ্ৰদ্ধাঞ্জলি। তেওঁৰ নামেৰে এখনি বিশ্ববিদ্যালয় বহু পূৰ্বেই স্থাপন কৰিব লাগিছিল। তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাতকৈ উপযুক্ত একো হ’ব নোৱাৰে“, তেওঁ কয়।

বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনে বিশেষকৈ এআই আৰু উদীয়মান প্ৰযুক্তিৰ দৰে ক্ষেত্ৰসমূহত আধুনিক ঔদ্যোগিক চাহিদাৰ সৈতে সংগতি ৰাখি শৈক্ষিক উৎকৰ্ষতা আৰু দক্ষতা-ভিত্তিক শিক্ষাৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব বুলি আস্থা প্ৰকাশ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ শৈক্ষিক পৰিবেশক ৰূপান্তৰিতকৰণৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰাজিত আলোকপাতেৰে সীতাৰমণে উল্লেখ কৰে যে ২০১৪-ৰ পৰা অঞ্চলটোৰ শিক্ষা খণ্ডত প্ৰায় ২১,০০০ কোটি টকা বিনিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে কেৱল অসমতে ৮৫০ খনৰো অধিক নতুন বিদ্যালয় স্থাপন কৰা হৈছে আৰু এই সময়ছোৱাতে ৰাজ্যখনত অঞ্চলটোৰ প্ৰথমখন এইমছ কাৰ্য্যক্ষম হৈ উঠিছে। অসমত ১৫ খন চিকিৎসা মহাবিদ্যালয় আৰু ২০০ খন নতুন দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপনৰ সমান্তৰালকৈ উত্তৰ-পূৰ্বাঞ্চলতে ভাৰতৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰো নিৰ্মাণ কাৰ্য্য অব্যাহত আছে বুলিও তেওঁ অৱগত কৰে। ইয়াৰ উপৰিও অঞ্চলটোত মিডিয়া শিক্ষা আৰু যোগাযোগ অধ্যয়নৰ প্ৰসাৰৰ বাবে আইজলত ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আইআইএমচি) স্থাপন কৰা হৈছে। শেহতীয়াকৈ চৰকাৰে গুৱাহাটীত এখন নতুন ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আইআইএম) স্থাপনৰ পথ মুকলি কৰিছে। যি অসমৰ প্ৰথম আৰু উত্তৰ-পূবৰ ২য় খন এনে শিক্ষানুষ্ঠান হৈ পৰিব।

সীতাৰমনে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়ন সাধনৰ প্ৰতি অংগীকাৰবদ্ধ। যোৱা ১১ বছৰত ১০ টা নতুন গ্ৰীনফিল্ড বিমানবন্দৰ স্থাপন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট অগ্ৰগতি সাধন হৈছে। “স্বাধীনতাৰ ৭৫ বছৰৰ পাছত ২০২২-ত প্ৰথমখন মালবাহী ৰেল মণিপুৰ আৰু ২০২৩-ত মেঘালয়ত উপনীত হৈছিলগৈ— এই কাৰ্য্য আছিল আঞ্চলিক সংযোগৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি”, তেওঁ লগতে কয়।

ইয়াত ভাষণ প্ৰদানেৰে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই বিশ্ববিদ্যালয়খনক অসমৰ শিক্ষাখণ্ডৰ এক গুৰুত্বপূৰ্ণ প্রকল্প আৰু শ্বহীদ কনকলতা বৰুৱাৰ অদম্য মনোভাৱৰ প্রতি শ্ৰদ্ধাঞ্জলি জনোৱা কাৰ্য্য বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁৰ নিৰ্ভীকতা আৰু দেশপ্ৰেমে সকলো প্ৰজন্মকে অনুপ্ৰাণিত কৰি যাব তথা যুৱ প্ৰজন্মক শক্তি যোগাই থাকিব। ডঃ শৰ্মাই কয়, “বিশ্ববিদ্যালয়খনে যুৱক-যুৱতীসকলক কাৰিকৰী বিশেষজ্ঞতা অৰ্জনৰ লগতে এখনি আত্মনিৰ্ভৰ ভাৰত গঢ়াত অৰিহণা যোগোৱাৰ এখনি মঞ্চ প্ৰশস্ত কৰিব।“ তেওঁ আৰু কয় যে বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে প্ৰায় ১০,০০০ ছাত্ৰ-ছাত্ৰীক আশ্ৰয় আৰু শিক্ষা প্ৰদানৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এই কাৰ্য্যসূচীত ৰাজ্যখনৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, অজন্তা নেওগ আৰু অশোক সিংঘালকে প্ৰমুখ্য কৰি শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰৰ বিধায়ক উৎপল বৰাই অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

আজিৰে পৰা প্ৰধানমন্ত্ৰী মোডীৰ দুদিনীয়াকৈ গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ
কলকাতাত মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰ, ২৪ ঘণ্টীয়া দেশজুৰি আই এম এৰ ধৰ্মঘট | BulletsIn
নীতিশ কুমাৰৰ অন্তিম কেবিনেট বৈঠকত তিনিটা প্ৰস্তাৱত অনুমোদন, মুখ্যমন্ত্ৰীৰ ৰাজ্যপালক পদত্যাগ দাখিল
শুকুৰবাৰৰ পৰা জে পি নড্ডাৰ তিনিদিনীয়া হিমাচল ভ্ৰমণ
আজি নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বেলুচিস্তানত এছ এছ জি কমাণ্ডোৰ কান্ধত আমেৰিকাৰ অস্ত্ৰ
Next Article ডিমাহাছাওৰ হাৰাংগাজাওত জলপ্ৰপাতত সলিল সমাধি নিট শিলচৰৰ তিনি গৰাকী শিক্ষাৰ্থীৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?