নতুন দিল্লী, ০৫ ছেপ্টেম্বৰ (হি.স.)। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক তথা প্ৰবীণ বেটছমেন ৰছ টেইলৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰিছে। টেইলৰক এতিয়া আইচিচি টি-২০ বিশ্বকাপ এছিয়া-ইষ্ট এছিয়া পেচিফিক কোৱালিফায়াৰত ছামোয়া দলৰ হৈ খেলা দেখা যাব। এই প্ৰতিযোগিতাখনেই হৈছে অহা বছৰৰ পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে ছামোয়াৰ শেষ পথ। ৮ অক্টোবৰৰ পৰা ওমানত অভিযান আৰম্ভ কৰিব ছামোয়া দলটোৱে, য’ত ওমান আৰু পাপুয়া নিউগিনিৰ বিৰুদ্ধে খেলিব।
টেইলৰে ছ’চিয়েল মিডিয়াত আনুষ্ঠানিক ঘোষণা কৰি কয় যে, এয়া আনুষ্ঠানিক যে মই নীলা জাৰ্চি পিন্ধি চামোয়াক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছো। এইটো কেৱল মই ভালপোৱা খেলখনলৈ ঘূৰি অহাই নহয়, মোৰ ঐতিহ্য, সংস্কৃতি, গাঁও আৰু পৰিয়ালক সন্মান জনোৱাৰ এক সুন্দৰ সুযোগো। টেইলৰে আৰু কয়, মই সদায় ভাবিছিলো যে মই প্ৰশিক্ষকতা বা আন যিকোনো ভূমিকাত চামোয়ালৈ অৰিহণা যোগাম। মই কেতিয়াও ভবা নাছিলো যে মই খেলিম। কিন্তু যেতিয়া এই সুযোগ আহিল, তেতিয়া মই ইয়াক আকোৱালি লোৱাৰ সিদ্ধান্ত লৈছিলো। এতিয়া মোৰ মনোযোগ কেৱল দ্ৰুতভাৱে ফিট হোৱা আৰু দলৰ বাবে মোৰ শ্ৰেষ্ঠখিনি দিয়াৰ ওপৰত।
আচলতে টেইলৰৰ মাতৃ চামোয়া মূলৰ, যাৰ বাবে তেওঁ চামোয়াক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰিছিল। ২০২২ চনৰ এপ্ৰিল মাহত নিউজিলেণ্ডৰ হৈ শেষৰখন মেচ খেলাৰ পিছত টেইলৰে তিনি বছৰৰ ষ্টেণ্ডঅফ পিৰিয়ড সম্পূৰ্ণ কৰিছে। ইয়াৰ পিছত এতিয়া তেওঁ আন এটা আন্তঃৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ যোগ্যতা অৰ্জন কৰিছে। ৪১ বছৰীয়া টেইলৰে নিউজিলেণ্ডৰ হৈ ৪৫০খন আন্তঃৰাষ্ট্ৰীয় মেচত ১৮,১৯৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ ভিতৰত আছে টেষ্টত ৭৬৮৩ ৰান, এদিনীয়াত ৮৬০৭ ৰান আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৯০৯ ৰান। ২০২১ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ জয় কৰা দলটোৰ অংশও আছিল তেওঁ।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
