হাংঝু, ২৪ অক্টোবৰ (হি.স.)। ভাৰতৰ ছিমৰান ভাটছে উজ্জ্বল প্ৰদৰ্শন কৰি চীনত চলি থকা চতুৰ্থ এছিয়ান পেৰা গেমছত মঙলবাৰে মহিলাৰ ১০০ মিটাৰ টি ১২ প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে।
১২.৬৮ ছেকেণ্ডৰ আকৰ্ষণীয় সময়েৰে ছিমৰনে ০.১৬ ছেকেণ্ডৰ নামমাত্ৰ ব্যৱধানত স্বৰ্ণ পদকৰ পৰা পিছ পৰি ৰূপৰ পদক লাভ কৰে। ইণ্ডোনেছিয়াৰ নী মেড আৰিয়ান্টি পুত্ৰীয়ে এছিয়ান পেৰা গেমছৰ অভিলেখ ভংগ কৰি স্বৰ্ণ পদক লাভ কৰে।
ইয়াৰ পূৰ্বে এই অভিলেখ চীনৰ গুওহুৱা ঝৌৱে ১২.৫৬ ছেকেণ্ডৰ সময়েৰে ৯ বছৰ ধৰি ৰাখিছিল। সৰ্বোত্তম সময় অৰ্জন কৰি পুত্ৰীয়ে ১২.৫২ ছেকেণ্ডৰ নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।
ইয়াৰ পূর্বে কেন’ পুৰুষৰ কে এল ৩ ফাইনেল ইভেণ্টত মনীষ কৌৰৱে ব্ৰঞ্জৰ পদক লাভ কৰি দ্বিতীয় দিনা ভাৰতৰ হৈ পদকৰ গণনা আৰম্ভ কৰিছিল ।
ইয়াৰ পিছত ভাৰতৰ প্ৰাচী যাদৱে কেনু মহিলা কে এল ২ ইভেণ্টত স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ কে এল ২ ইভেণ্টত ৫৪.৯৬২ ছেকেণ্ডৰ সময়েৰে শীৰ্ষস্থান দখল কৰে প্ৰাচিয়ে। ৫৫.৬৭৪ ছেকেণ্ডৰ সময়েৰে ৰূপৰ পদক লাভ কৰে চীনৰ ছানছান ৱাঙে। আনহাতে ইৰাণৰ ৰ’য়া ছ’লতানীয়ে ৫৬.৭১৪ ছেকেণ্ডৰ সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
উল্লেখ্য যে এইবাৰ ভাৰতে মহাদেশীয় ইভেণ্টৰ সৰ্ববৃহৎ দলৰূপে এছিয়ান পেৰা গেমছৰ চতুৰ্থ সংস্কৰণলৈ ৩০৩ গৰাকী খেলুৱৈ (১৯১ জন পুৰুষ আৰু ১১২ গৰাকী মহিলা)ৰ এটা দল প্ৰেৰণ কৰিছে।
২০১৮ চনৰ এছিয়ান পেৰা গেমছত ভাৰতে মুঠ ১৯০ গৰাকী খেলুৱৈক পঠিয়াইছিল আৰু ১৫ টা স্বৰ্ণকে ধৰি ৭২ টা পদক লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/ সুনীল/মনোজ
