যোৰহাট, ২১ আগষ্ট (হি.স.)। যোৰহাটৰ তিতাবৰ চৰাইপানীত ভয়াৱহ গৰাখহনীয়াৰ সৃষ্টি হৈছে। চৰাইপানী চাহ বাগিচাৰ ১৮ নং লাইনত বান খহনীয়াই ধাৰণ কৰিছে সংহাৰি ৰূপ।
নৈপৰীয়া ১৮ নং লাইনটো চৰাইপানী নদীত বিলীন হোৱাৰ উপক্ৰম হৈছে ।
বৰ্তমান বহু পৰিয়ালৰ চোতাললৈকে খহাই নিছে নদীয়ে। বিচিন্ন হৈ পৰিছে ১৮ নং লাইনৰ ৰাজপথ ।
যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে গাঁৱবাসী । চকুৰ টোপনি নোহোৱা হৈছে নৈপৰীয়াৰ ৰাইজৰ।
বিগত কেইবাবছৰ ধৰি বাগিচাখনৰ মাজেৰে নগা পাহাৰৰ পৰা বৈ অহা চৰাই পানী নদীৰ গৰা খহনীয়াই বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰি আহিছে । মুহূর্তে মুহূর্তে খহিছে চৰাইপানীৰ নদীৰ গৰা । সময় থাকোতেই যদি প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নৈপৰীয়া বাগিচাৰ ১৮ নং লাইন যে এদিন চৰাইপানী নদীৰ বুকুত জাহ যাব সেয়া এশ শতাংশ নিশ্চিত হৈ পৰিছে। চৰকাৰ প্ৰশাসনক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি গৰা খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে ৰাইজে ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
