চেন্নাই, ২০ আগষ্ট (হি.স.)। তামিলনাডুৰ পট্টলী মক্কল কট্চীৰ কৰ্মকৰ্তা তথা হিন্দু মৰ্চাৰ নেতা ভি ৰামালিংগমৰ হত্যাকাণ্ডৰ তদন্তৰ সৈতে জড়িত তামিলনাডুৰ ১০টা স্থানত বুধবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই অভিযান চলায়। ভি ৰামালিংগমে নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ ধৰ্মান্তৰকৰণ কাৰ্য্যকলাপৰ বিৰোধিতা কৰিছিল, যাৰ বাবে ২০১৯ চনত থাঞ্জাভুৰত তেওঁক হত্যা কৰা হৈছিল।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ৰামালিংগম হত্যাকাণ্ডৰ গোচৰত বুধবাৰে পুৱা ৬:০০ বজাৰ পৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিষয়াসকলে ডিণ্ডিগুল জিলাৰ অট্টাচট্ৰাম ছামছুদ্দিন কলনীত থকা মহম্মদ ইয়াচিনৰ ঘৰত তালাচী চলায়। বটলকুণ্ডুৰ গান্ধীনগৰ এক্সটেনচন এলেকাত মহম্মদ আলী জিন্নাৰ শহুৰেক উমৰ খাট্টাবৰ ঘৰতো তালাচী চলাইছে এন আই এয়ে। একেদৰে ডিণ্ডিগুল, টেংকাছি, কোদৈকানাল, বট্টলকুণ্ডু, বেগমপুৰকে ধৰি মুঠ ১০টা স্থানত তালাচী চলোৱা হৈছে। পুনামল্লী কাৰাগাৰত অভিযুক্তৰ বেংক লেনদেনৰ তদন্তও কৰা হৈছে।
তালাচী অভিযানৰ সময়ত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ উপ আৰক্ষী অধীক্ষক ছামছুদ্দিন আৰু বেংক অৱ ইণ্ডিয়া ডিণ্ডিগলৰ বিষয়াসকল উপস্থিত থাকে। ইতিমধ্যে এনআইএ এই গোচৰত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে পলায়ন কৰা একাংশ অভিযুক্তকো বিচাৰি আছে। হিন্দু মৰ্চাৰ নেতা ৰামালিংগম হত্যাকাণ্ডৰ মূল অভিযুক্তক আশ্ৰয় দিয়াৰ অভিযোগত ২০২৪ চনত পূম্বৰাইৰ পৰা এন আই এয়ে গ্ৰেপ্তাৰ কৰিছিল ডিণ্ডিগুল জিলাৰ কোদৈকানালৰ বাসিন্দা মহম্মদ আলী জিন্নাক।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৫ ফেব্ৰুৱাৰীত ৰামালিংগমক হত্যা কৰা হৈছিল। ৬ ফেব্ৰুৱাৰীত তামিলনাডুৰ থাঞ্জাভুৰ জিলাৰ থিৰুবিদাইমৰুথুৰ থানাত গোচৰ ৰুজু কৰি গোচৰটোৰ তদন্ত আৰম্ভ কৰা হৈছিল। ২০১৯ চনৰ ৭ মাৰ্চত এনআইএ-য়ে তদন্তৰ দায়িত্ব লয়। তদন্তৰ অন্তত এনআইএয়ে কয় যে ৰামলিংগমৰ হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য আছিল ধৰ্মীয় সম্প্ৰদায়ৰ মাজত শত্ৰুতা বৃদ্ধি আৰু প্ৰতিশোধ লোৱা। কাৰণ তেওঁলোকে অহৰহ বলপূৰ্বক ধৰ্মান্তৰকৰণৰ বিৰোধিতা কৰি আছিল।
এই গোচৰত এন আই এয়ে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে পলায়ন কৰা একাংশ অভিযুক্তকো বিচাৰি আছে।body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Consolas;font-size:11pt;}.cf2{font-family:Nirmala UI,sans-serif;font-size:11pt;}body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
