জম্মু, ০৯ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থাৰ মাজতে আজি পুৱা ভাগৱতী নগৰ যাত্ৰী নিবাস অৱস্থান শিৱিৰৰ পৰা অমৰনাথ গুহালৈ তীৰ্থযাত্ৰাৰ বাবে কাশ্মীৰ উপত্যকালৈ ৰাওনা হৈছে আন এটা ৭৫৭৯ জন তীৰ্থযাত্ৰী।
বিষয়াসকলে জনোৱা মতে, অষ্টম বেটছ আজি পুৱা ৩০২খন বাহনেৰে জম্মুৰ পৰা ৰাওনা হয়। এই বেটচত আছে ৫৭১৯ জন পুৰুষ, ১৫৭৭ জন মহিলা, ৪০ জন শিশু, ১৬৭ জন সাধু আৰু ৭৬ জন সাধ্ৱী। ইয়াৰে ৩০৩১ গৰাকী তীৰ্থযাত্ৰী পুৱা ৩:২৫ বজাত বাল্টাল বেছ কেম্পলৈ আৰু ৪৫৪৮ গৰাকী পুৱা ৩:৪০ বজাত পহলগাম বেছ কেম্পলৈ ৰাওনা হয়। তাৰ পৰা তেওঁলোকে পবিত্ৰ গুহালৈ পৰৱৰ্তী যাত্ৰাত আগবাঢ়িব।
বিষয়াসকলে জনোৱা মতে, তীৰ্থযাত্ৰাৰ প্ৰথম ছয় দিনত অমৰনাথ গুহালৈ অহা মুঠ ভক্তৰ সংখ্যা এক লাখ ১১ হাজাৰ অতিক্ৰম কৰিছে। কালি ১৮ হাজাৰৰো অধিক তীৰ্থযাত্ৰী পবিত্ৰ গুহাটো পৰিদৰ্শন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
