লক্ষিমপুৰ, ১৪ আগষ্ট (হি.স.): লক্ষিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পথালিপাহাৰত বুধবাৰে বিদ্যুৎপৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয় । পথাৰত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি গুৰুতৰ ভাৱে আহত হোৱা মহিলা গৰাকীক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পথত মৃত্যু মুখত পৰে । মৃত মহিলা গৰাকী পথালিপাহাৰ বৈষ্ণৱপুৰ গাঁৱৰ বদন হাজৰিকাৰ পত্নী নিকুমণি হাজৰিকা বুলি পৰিচয় পোৱা গৈছে ।
বিদ্যুত বিভাগৰ চুড়ান্ত অৱহেলাৰ বাবেই মৃত্যু মুখত পৰে তিনি সন্তানৰ মাতৃ মহিলা গৰাকী। ইফালে খবৰ দিয়াৰ পাছতো ৪ ঘণ্টা পলমকৈ ঘটনাস্থলীত বিদ্যুৎ বিভাগৰ লোক উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । আনহাতে যোৱাকালি সন্ধিয়া মৃতদেহ আহি পোৱাৰ পিছতে বান্দৰদেৱা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আৰক্ষী চকীত উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰে অঞ্চলটোৰ ৰাইজে। পৰৱৰ্তীসময়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত পৰিস্থিতি সাম কাটে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
