নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ‘বিভাজন ভয়ানক স্মৃতি দিৱস’য়ে আমাক স্থায়ী দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। এই দিনটো আমাৰ ইতিহাসৰ এক দুখজনক অধ্যায়। দেশ বিভাজনৰ বাবে অগণন লোকে দীৰ্ঘদিন ধৰি যন্ত্ৰণাত ভুগিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে আজি ‘বিভাজন ভয়ানক স্মৃতি দিৱস’ উপলক্ষে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, ভাৰতত বিভাজন ভয়ানক স্মৃতি দিৱস উদযাপন কৰা হয় আৰু আমাৰ ইতিহাসৰ সেই দুখজনক অধ্যায়ত অগণন লোকে ভুগিবলগীয়া হোৱা দুখ-কষ্টক স্মৰণ কৰে। ইয়াৰ উপৰিও তেওঁলোকৰ ধৈৰ্য্য, কল্পনাতীত ক্ষতিৰ সন্মুখীন হোৱাৰ ক্ষমতাক সন্মান জনোৱাৰ দিন আৰু তথাপিও নতুনকৈ আৰম্ভ কৰাৰ শক্তি বিচাৰি পোৱাৰ দিন।
তেওঁ কয়, প্ৰভাৱিত হোৱা বহু লোকে নিজৰ জীৱন পুনৰ নিৰ্মাণ কৰিছিল আৰু উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছিল। এই দিনটোৱে আমাৰ দেশক একেলগে বান্ধি ৰখা সমন্বয়ৰ বান্ধোন শক্তিশালী কৰাৰ আমাৰ স্থায়ী দায়িত্বৰ কথাও মনত পেলাই দিয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
