গুৱাহাটী, ০৯ আগষ্ট (হি.স.)। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। সাহসী ভাৰতীয়সকলে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দি দেশপ্ৰেম প্ৰদৰ্শন কৰিছিল। এই আন্দোলনে অসমতো গভীৰ প্ৰভাৱ পেলাইছিল।
ভাৰত ত্যাগ আন্দোলন দিৱস উপলক্ষে তেওঁ এই সংগ্ৰামৰ মহান দেশপ্ৰেমিক আৰু দেশ মুক্ত কৰাৰ বাবে সকলো ত্যাগ কৰা ভাৰত মাতৃৰ সেইসকল সন্তানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁলোকৰ সাহস আৰু আত্মত্যাগৰ অমৰ কাহিনী আমাৰ মাজত সদায় স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
