কোকৰাঝাৰ,: কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বগৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গাম্মাৰিবিল ২য় খণ্ডত যোৱাকালি সন্ধিয়া এগৰাকী ৬০ উৰ্ধৰ মহিলা ঘৰৰ ভিতৰত ডিঙি কটা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্য়ৰ সৃষ্টি হৈছে। মৃত মহিলা গৰাকীৰ নাম বাহেম্ৰম (৬৫) বুলি জানিব পৰা গৈছে।
ইফালে মহিলাগৰাকীক হত্যাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিওঁ ঘটনাস্থলীত বগৰিবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি বগৰিবাৰী আৰক্ষী থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
