
উত্তৰকাশী, ০৯ আগষ্ট (হি.স.)। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধৰালী দুৰ্যোগপীড়িত অঞ্চলত ক্ষতিগ্ৰস্ত অঞ্চলত আৱদ্ধ হৈ থকা যাত্ৰী আৰু স্থানীয় লোকৰ উদ্ধাৰ অভিযান শনিবাৰে পঞ্চম দিনাও অব্যাহত আছে। ইয়াৰ ভিতৰত বৃহৎ সংখ্যক সাহায্য কৰ্মীৰ লগতে বিমান সেৱা, প্ৰযুক্তি আৰু সঁজুলিৰ সহায় লোৱা হৈছে। আজি পুৱা ৭৪ জন লোকক উদ্ধাৰ কৰা হৈছে।
উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ইউচিএডিএ, চিভিল ফ্লাইট শ্বাটল বিমানৰ পৰিচালনা আৰম্ভ হৈছে। পুৱাৰে পৰা ০৪খন বিমান উৰা মাৰিছে। ইউচিএডিএ হেলিকপ্টাৰ সেৱা কামত নিয়োজিত হৈ আছে । আজি পুৱা মুঠ ৭৪ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে। হৰ্ষিলৰ পৰা মাটলীলৈ ৫১জন আৰু মাটলীৰ পৰা হৰ্ষিললৈ ২৩জন যাত্ৰীৰ উপৰিও খাদ্য সামগ্ৰী যোগান ধৰা হৈছে।
গোটেই নিশা লিমচিগড়ত বেইলী দলং নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল সেনা জোৱান। জলি গ্ৰাণ্টৰ জেন চেট লৈ উৰা মাৰিলে এখন চিনুক হেলিকপ্টাৰ। দ্বিতীয়খন চিনুকে জেনেৰেটৰ লৈ ধৰাছুৰ পৰা হৰ্ষিললৈ উৰা মাৰিলে।
উদ্ধাৰ অভিযান ক্ষিপ্ৰতাৰে আৰু উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় লজিষ্টিক সহায় আগবঢ়াবলৈ ০৩ খন চিতা হেলিকপ্টাৰ জলি গ্ৰাণ্ট বিমানবন্দৰত উপস্থিত হৈছে। চিনুকে হৰ্ষিললৈ লৈ গৈছে দুটা জেনেৰেটৰ।
এটা জিপিআৰ, দুটা মেটেল ডিটেক্টৰ আৰু সেনা জোৱান কঢ়িয়াই অনা তিনিখন হেলিকপ্টাৰ জলী গ্ৰাণ্টৰ পৰা হৰ্ষিললৈ উৰা মাৰিলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
