
হোজাই, ০৯ আগষ্ট (হি.স.): হোজাইত নথি পত্ৰ জালিয়াতি কৰি আৰক্ষীৰ জালত পৰিছে গাওঁবুঢ়া আৰু চিআইএছএফ জোৱানকে ধৰি তিনিজন লোক।আৰক্ষীয়ে শুকুৰবাৰে নিশা হোজাই হাৱাইপুৰ, মিলিকবস্তি আৰু মাইলুত চলাইছিল অভিযান।
অভিযানকালত আৰক্ষীয়ে হাৱাইপুৰৰ গাঁওবুঢ়া বিজিত সিং ইংহি, চিআইএছএফ জোৱান আৰিয়ান কুমাৰ আৰু পিংকু চৌহানক আটক কৰে। টকালৈ জালিয়াতিৰে নথি-পত্ৰ যোগান ধৰাৰ তথ্য আৰক্ষীয়ে পূৰ্বে লাভ কৰিছিল। যোৱাকালি নিশা চিআইএছএফ জোৱান আৰিয়ান কুমাৰে জালিয়াতিৰে নথি-পত্ৰ ওলোৱাৰ সময়তেই আৰক্ষীয়ে হাতেলোটে কৰায়ত্ত কৰে ধৃত গাঁওবুঢ়া আৰু চিআইএছএফ জোৱান জনক।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাওঁবুঢ়া আৰু চিআইএছএফ জোৱান জনৰ ভাষ্য অনুসৰি মাইলুত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ধৃত পিংকু চৌহানক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত তিনিজনকে আজি শ্ৰীমন্ত শংকৰদেৱনগৰ আদালতত প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
