নগাঁও, ০৭ আগষ্ট (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটত যোৱা কালি একে নিশাই আৰক্ষীৰ জালত ৯ টাকৈ গৰু সহ আটক ৭ টাকৈ গৰু চোৰ আটক কৰে। ৰূপহীহাট আৰু কাৱৈমাৰী আৰক্ষীৰ যৌথ অভিযানত গৰু সহ আটক কৰে চোৰ কেইটাক।
ধৃতচোৰ কেইটা ক্ৰমে ৰূপহী ভকত গাঁৱৰ মতিবুৰ ৰহমান, ৰূপহী তিনিআলিৰ ৰইচ উদ্দিন, বৰপেটাৰ আনাৰুল হক । আনফালে কাৱৈমাৰীৰ পৰা আটক কৰা চোৰ কেইজন হৈছে কদমগুৰিৰ হাচিবুল হুছেইন, পশ্চিম লৰিৰমুখৰ শ্বৰিফুল ইছলাম জহিৰুল ইছলাম আৰু বৰমাবিলৰ নুৰ মহাম্মদ।আটাইকেইটা গৰু চোৰক ৰূপহীহাট আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে । ৰূপহীহাট আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
