মণ্ট্ৰিয়েল, ০৭ আগষ্ট (হি.স.)। চাৰিবাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী জাপানৰ নাওমি ওছাকাই উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই বুধবাৰে (ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে) ক্লাৰা টাউছনক পৰাস্ত কৰি কানাডিয়ান অ’পেন ২০২৫ৰ ফাইনেলত প্ৰৱেশ কৰে। ফাইনেল মেচত এতিয়া মুখামুখি হ’ব ১৮ বছৰীয়া কানাডাৰ টেনিছ চেনচেচন ভিক্টোৰিয়া মবোকোৰ বিৰুদ্ধে।
ডেনমাৰ্কৰ টাউছনক ৬-২, ৭-৬ (৯/৭) গ’লত পৰাস্ত কৰি ওছাকাই ফাইনেলত প্ৰৱেশ কৰে। ২০২২ চনৰ মিয়ামি অ’পেনৰ পিছত এইখন হ’ব ওছাকাৰ প্ৰথমখন ডব্লিউ টি এ ১০০০ ফাইনেল আৰু ২০২১ চনৰ অষ্ট্ৰেলিয়ান অ’পেনৰ পিছত তেওঁৰ প্ৰথমটো ভ্ৰমণ পৰ্যায়ৰ খিতাপৰ প্ৰচেষ্টা।
মেচখনৰ প্ৰথম ছেটত ওছাকাই সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল যদিও দ্বিতীয় ছেটত টাউছনে প্ৰত্য়াৱৰ্তন কৰাৰ চেষ্টা কৰিছিল আৰু দুটা বিৰতি লৈ মেচখন টাইব্ৰেকলৈ টানি নিছিল। টাইব্ৰেকতো ৬-৪ গ’লত অগ্ৰগতি লাভ কৰি টাউছনে দুটা ছেট পইণ্ট লাভ কৰিছিল যদিও সেইবোৰৰ মূলধন ল’ব পৰা নাছিল। মেচ পইণ্ট হেৰুৱাই একেৰাহে দুটা পইণ্ট লাভ কৰি ওছাকাই জয় নিশ্চিত কৰে।
দ্বিতীয়খন ছেমি ফাইনেলত ভিক্টোৰিয়া মবোকোৱে উইম্বলডন চেম্পিয়ন এলেনা ৰাইবাকিনাৰ বিৰুদ্ধে ১-৬, ৭-৫, ৭-৬ (৭/৪) গ’লত ৰোমাঞ্চকৰ জয় পঞ্জীয়ন কৰে। এই মেচখনত তাই এটা মেচ পইণ্টো ৰক্ষা কৰিছিল, যিটো তাইৰ মানসিক শক্তিৰ বৃহৎ প্ৰমাণ।
চূড়ান্ত মেচখনৰ সন্দৰ্ভত ওছাকাই কয় যে, বহু সময়ৰ পিছত হাৰ্ড ক’ৰ্টৰ ফাইনেল খেলিবলৈ পাই মই অতি সুখী আৰু উৎসাহিত। মই মোবোকোৰ মেচখন চাইছিলো, তাই শান্ত হৈ আছিল আৰু মেচ পইণ্টৰ পৰা উভতি অহাটো সঁচাকৈয়ে এগৰাকী ১৮ বছৰীয়া খেলুৱৈৰ বাবে আকৰ্ষণীয়।
এই সপ্তাহত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত এতিয়া ওছাকাই বিশ্ব ৰেংকিঙৰ শীৰ্ষত উপনীত হ’ব, যাৰ বাবে তেওঁ ইউ এছ অ’পেন ২০২৫ত ছিড খেলুৱৈ হিচাপে স্থান পোৱাটো প্ৰায় নিশ্চিত।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
