ৰাঁচী, ০৭ আগষ্ট (হি.স.)। প্ৰৱৰ্তন সঞ্চালকালয়ে বৃহস্পতিবাৰে পুৱা ৰাঁচী, কলকাতা আৰু মুম্বাইত সংঘটিত ৭৫০ কোটি টকাৰ জি এছ টি কেলেংকাৰিৰ অভিযুক্তৰ মুঠ ৮টা স্থানত অভিযান চলায়। ৰাঁচীৰ ৬টা ভিন্ন স্থানত একেলগে এই অভিযান চলোৱা হয়। পি পি কম্পাউণ্ডত অৱস্থিত কৃষ্ণ এপাৰ্টমেণ্টৰ চতুৰ্থ মহলাৰ এটা ফ্লেটৰ বাহিৰেও আন পাঁচটা স্থানত এই অভিযান চলোৱা হয়। ইডিৰ দলসমূহে প্ৰয়োজনীয় নথি-পত্ৰ, ডিজিটেল ৰেকৰ্ড আৰু অন্যান্য প্ৰমাণ বিচাৰিছে।
বৃহস্পতিবাৰে পুৱা ইডিৰ দলসমূহে এয়াৰপৰ্ট ৰোডত অৱস্থিত ইডি কাৰ্যালয়ৰ পৰা বিভিন্ন স্থানত অভিযান চলাবলৈ ৰাওনা হয়। সূত্ৰ অনুসৰি ৭৫০ কোটি টকাৰ জি এছ টি কেলেংকাৰিৰ দ্বিতীয় ৰাউণ্ডৰ অভিযান আৰম্ভ কৰিছে ইডিয়ে। বৰ্তমান অন্যান্য ৰাজ্যকে ধৰি মুঠ ৮টা স্থানত ইডি অভিযান চলি আছে।
জানিব পৰা গৈছে যে জি এছ টি কেলেংকাৰিৰ সৈতে জড়িত দ্বিতীয় ৰাউণ্ডৰ অভিযানত শিৱ কুমাৰ দেওৰা চক্ৰৰ সৈতে জড়িত লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছে। জি এছ টি কেলেংকাৰিৰ প্ৰথম ৰাউণ্ডৰ অভিযানত ই ডিয়ে কলকাতাৰ শিৱ কুমাৰ দেৱদা, জামছেদপুৰৰ পৰা অমিত আগৰৱাল ওৰফে বিকি ভলোতীয়াকে ধৰি ৪ জন লোকক গ্ৰেপ্তাৰ কৰে। এইসকল লোকক জেৰাৰ সময়ত জি এছ টি কেলেংকাৰিত ভুৱা বিল বনাই চৰকাৰৰ লোকচান কৰাৰ তথ্য লাভ কৰা হয়।
ইডিয়ে জেৰাৰ সময়ত গম পাইছিল যে সামগ্ৰী ক্ৰয়-বিক্ৰয় নকৰাকৈ কাগজৰ ব্যৱসায় দেখুৱাই ইনপুট টেক্স ক্ৰেডিট (আইটিচি)ৰ অযথা সুবিধা লোৱা হৈছে। কোৱা হয় যে এই ব্যৱসায়ত অধিক লোক জড়িত হৈ আছে। এই তথ্যসমূহৰ প্ৰাৰম্ভিক তদন্ত সম্পূৰ্ণ কৰাৰ পিছত জি এছ টি কেলেংকাৰিৰ দ্বিতীয় ৰাউণ্ডৰ অভিযান আৰম্ভ কৰিছে ই ডিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
