নতুন দিল্লী, ০৩ আগষ্ট (হি স)। তামিল চলচ্চিত্ৰৰ জনপ্ৰিয় কৌতুক অভিনেতা (কমেডিয়ান) মাধৱন ববৰ শনিবাৰে সন্ধিয়া ৭১ বছৰ বয়সত চেন্নাইৰ আডয়াৰস্থিত নিজৰ বাসগৃহত মৃত্যু হয়। তেওঁ কিছুদিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল ।
মাধৱন ববে কমল হাছান, ৰজনীকান্ত, অজিত, সূৰ্য্য আৰু বিজয়ৰ দৰে ছুপাৰষ্টাৰৰ সৈতে কাম কৰিছিল আৰু কমিক টাইমিঙৰ বাবে পৰিচিত আছিল। প্ৰায় ৬০০ খন ছবিত কাম কৰিছিল। তামিলৰ লগতে তেওঁ বহু হিন্দী, তেলেগু আৰু মালয়ালম ছবিতো কাম কৰিছিল। ছান টিভিৰ জনপ্ৰিয় কমেডী শ্ব’ অসথা পৱথু ইয়াৰুত বিচাৰকৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ মৃত্যুত ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে সহযোগী অভিনেতা আৰু অনুৰাগীসকলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
