চুৰাচান্দপুৰ (মণিপুৰ), ১৯ ডিছেম্বৰ (হি.স.): মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ নিৰাপত্তা বাহিনীয়ে এক বৃহৎ অভিযানত ১৬টা পৰিত্যক্ত ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰ (আই ই ডি) উদ্ধাৰ কৰে। এএনএফঅ’ (পেষ্ট-টাইপ) বুলি ধাৰণা কৰা এই আইইডিসমূহ চুৰাচান্দপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কংৱাই অঞ্চলৰ লুংডেইফাই লেইনম গাঁৱৰ জংচনৰ পৰা উদ্ধাৰ কৰা হৈছে।
শুকুৰবাৰে নিৰাপত্তা বাহিনীয়ে জনোৱা মতে, অঞ্চলটোত তালাচী অভিযানৰ সময়ত এই বিস্ফোৰকসমূহ আৱিষ্কাৰ কৰা হৈছে। তথ্য লাভ কৰাৰ লগে লগে বোমা স্কোয়াডক সেই স্থানলৈ মাতি অনা হয়।
বোমা দলটোৱে ১৬টা আই ই ডিৰ সকলোবোৰ নিৰাপদে নিষ্ক্ৰিয় কৰে। এই সময়োপযোগী কাৰ্য্যই জীৱন আৰু সম্পত্তিৰ যিকোনো সম্ভাৱ্য ক্ষতি ৰোধ কৰিছিল। ঘটনাৰ পিছতে আশে-পাশে থকা অঞ্চলত নিৰাপত্তাৰ ব্যৱস্থা আৰু সতৰ্কতা বৃদ্ধি কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
