নগাঁও, ০৩ আগষ্ট (হি.স.): নগাঁও জিলাৰ বটদ্ৰবাৰ বাটমাৰিত যোৱা কালি শনিবাৰে বিয়লি ভু-মাফিয়াই মহিলা আয়োগক অপদস্হ কৰাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।নীৰহ মহিলাক সহায় কৰিবলৈ গৈ ভু-মাফিয়াৰ অপদস্তৰ সন্মুখীন হয় মহিলা আয়োগৰ সদস্য।
প্ৰাপ্ত তথ্য অনুসৰি বাটমাৰি গাঁৱৰ দুই ভনী ক্ৰমে ছূৰুজ ভানু আৰু তাৰা বানু মাজত দীৰ্ঘ দিন ধৰি ৭ বিঘা মাটি লৈ বিবাদ চলি আছে। আদালততো চলি আছিল গোচৰ। প্ৰায় ২০ বছৰ ধৰি চলি আছিল আদালতত গোচৰ। প্ৰায় ছয় মাহ আগতে আদালতৰ নিৰ্দেশ অনুযায়ী ছুৰুজ ভানুক মাটি খেনি ধিং ৰাজহ চক্ৰ কাৰ্য্যালয়ে চমজায় দিছিল। খালি মাটি খিনিত ছুৰুজ ভানুয়ে কেইবাবাৰো বাসগৃহ বনাব বিচাৰিছিল যদিও বেদখলকাৰীয়ে বাধা প্ৰদান কৰে। অৱশেষত শনিবাৰে নগাঁও জিলাৰ মহিলা আয়োগৰ সদস্য মামনি বৰাৰ লগতে ছাহেবা আহমেদে ছুৰুজ ভানুৰ পৰিয়ালৰ লোক লগত লৈ উক্ত মাটি খিনি পৰ্য্যবেক্ষণ কৰিবলৈ আহোতেই বেদখলকাৰীয়ে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে মহিলা আয়োগৰ সদস্য সকলক শাৰিৰীক বাবে অপদস্হ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
