কোকৰাঝাৰ, ২৯ জুলাই (হি.স.): অসম বংগ সীমান্তৰ গোসাঁইগাঁৱৰ তেলীপাৰা টোল প্লাজাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বহি:ৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাক ড্ৰাইভাৰে। বহি:ৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে।
আণ্ডাৰলোড ট্ৰাকৰ ৫ শতাংশ টোলটেক্স ৰেহাই নামানে টোল প্লাজা কৰ্তৃপক্ষ। লগতে ট্ৰাকৰ ওজন কাটা কৰাত বিসঙ্গতিৰ অভিযোগ উঠিছে। ট্ৰাক বহি:ৰাজ্যত আণ্ডাৰলোড হলেও অসমত সোমোৱাৰ লগে লগে ট্ৰাক অভাৰলোড হৈ পৰে। কৰ্তৃপক্ষই ট্ৰাক ওজনৰ ৰচিদ নিদিয়াৰো অভিযোগ উত্থাপন হৈছে। টোল প্লাজাত দিব লগা টোল টেক্সৰ দ্বিগুণ টকা গুণ্ডাৰ হতুৱাই বলপূৰ্বৰ ভাবে লোৱাৰ অভিযোগ টোল প্লাজাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে।
অতিৰিক্ত টকা নিদিলে দাবী ধমকি দি বাহনৰ নথি জব্দ কৰাৰ অভিযোগ টোল প্লাজাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। বহি:ৰাজ্যৰ পৰা অহা মালবাহী ট্ৰাকসমূহ ৰাতি তিনি চাৰি ঘণ্টা ৰখাই অযথা হাৰা শাস্থি কৰাৰ কথা প্ৰকাশ কৰে ভুক্তভাগী ট্ৰাকৰ ড্ৰাইভাসকলে। এনেদৰে নিয়মীয়াকৈ মুকলি ভাবে তেলীপাৰা টোল প্লাজাত চলিছে গুণ্ডা টেক্স। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ চৰকাৰে চকু মুদা কুলিৰ ভাওত নীৰৱতা অবলম্বন কৰাকলৈ সচেতন মহলত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
