লণ্ডন, ২৮ জুলাই (হি.স.)। বৃহস্পতিবাৰৰ পৰা অ’ভেলত আৰম্ভ হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিমখন টেষ্টৰ বাবে ১৫ জনীয়া ইংলেণ্ড দললৈ পুনৰ আমন্ত্ৰণ জনোৱা হৈছে অল ৰাউণ্ডাৰ জেমী অভাৰটনক। ২০২২ চনত তেওঁৰ কেৰিয়াৰৰ একমাত্ৰ টেষ্ট মেচখন খেলিছিল।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্তিম সংস্কৰণত চেন্নাই ছুপাৰ কিংছৰ হৈ তিনিখন মেচ খেলিছিল ছাৰেৰ ৩১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে। ২০২২ চনত লিডছত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ দুটা উইকেট দখল কৰি ৯৭ ৰান সংগ্ৰহ কৰিছিল। অভাৰটনৰ বাহিৰে শেষৰখন মেচত নিৰ্বাচিত হোৱা ১৪ গৰাকী খেলুৱৈক দলত ৰখা হৈছে।
ভাৰতৰ বিৰুদ্ধে পঞ্চম টেষ্টৰ বাবে ইংলেণ্ড দল
বেন ষ্ট’কছ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, জেক ক্ৰ’লি, লিয়াম ড’ছন, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেমী স্মিথ, জোছ টংগু, ক্ৰীছ ৱ’কেছ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
