মাদ্ৰিদ, ১১ নৱেম্বৰ (এইচ এছ)। স্পেইনৰ ফুটবল দৈত্য এটলেটিকো মাদ্ৰিদ অতি সোনকালে আমেৰিকাৰ মালিকানাধীন হ’ব। সোমবাৰে ক্লাবটোৱে ঘোষণা কৰে যে অহা বছৰৰ আৰম্ভণিতে এপ’ল’ স্প’ৰ্টছ কেপিটেল ক্লাবৰ সংখ্যাগৰিষ্ঠ শ্বেয়াৰহোল্ডাৰ হ’ব। অৱশ্যে এই চুক্তিৰ আৰ্থিক সবিশেষ প্ৰকাশ কৰা হোৱা নাই।
চুক্তি অনুসৰি বৰ্তমানৰ মুখ্য কাৰ্যবাহী বিষয়া মিগেল এঞ্জেল গিল মেৰিন আৰু সভাপতি এনৰিকে চেৰেজোৱে নিজৰ পদত থাকিব যাতে “ক্লাবৰ দৃষ্টিভংগী আৰু নেতৃত্বৰ ধাৰাবাহিকতা” নিশ্চিত কৰিব পাৰি।
যৌথ বিবৃতিটোত এইটোও স্পষ্ট কৰা হৈছে যে এই চুক্তিখন “মাল্টি ক্লাব মালিকীস্বত্ব কৌশল”ৰ অংশ নহয়। বিবৃতিটোত কোৱা হৈছে যে এ এছ চিৰ এই বিনিয়োগে বিশ্বৰ আগশাৰীৰ ক্লাবসমূহৰ ভিতৰত এটলেটিকো মাদ্রিদৰ স্থান আৰু অধিক শক্তিশালী কৰিব আৰু ক্লাবৰ দীৰ্ঘম্যাদী সফলতাৰ উচ্চাকাংক্ষাক অধিক শক্তিশালী কৰিব।
এ এছ চি আৰু বৰ্তমানৰ শ্বেয়াৰহোল্ডাৰসকলে ক্লাবৰ পৰিচালনাৰ সৈতে কাম কৰি এটলেটিকো মাদ্ৰিদৰ আৰ্থিক শক্তি, ক্ৰীড়া প্ৰতিযোগিতামূলক ক্ষমতা, আৰু সম্প্ৰদায়ৰ প্ৰভাৱ বৃদ্ধি কৰিব।
ইয়াৰ পূৰ্বে এপ’ল’ স্প’ৰ্টছ কেপিটেলে মাদ্ৰিদ অ’পেন আৰু মিয়ামি অ’পেন টেনিছ প্ৰতিযোগিতাতো বিনিয়োগ কৰিছে। কোম্পানীটোৱে কয় যে ক্লাবৰ দলসমূহৰ উন্নতি আৰু চিউডাড ডেল ডিপ’ৰ্ট— ক্লাবৰ ঘৰুৱা খেলপথাৰ মেট্ৰ’পলিটানো ষ্টেডিয়ামৰ ওচৰত নিৰ্মাণ কৰা ক্ৰীড়া আৰু মনোৰঞ্জন কমপ্লেক্সৰ উন্নয়নকে ধৰি ক্লাবৰ দীৰ্ঘম্যাদী পৰিকল্পনাক সমৰ্থন কৰিবলৈ অতিৰিক্ত মূলধন বিনিয়োগ কৰিব।
২০১১ চনৰ পৰা ডিয়েগো ছিমিওনেৰ প্ৰশিক্ষক কাৰ্যকালত এটলেটিকো বৰ্তমান লা লিগাত চতুৰ্থ স্থানত আছে। ক্লাবটোৱে ১১ বাৰকৈ স্পেনিছ লীগৰ খিতাপ দখল কৰিছে, শেষবাৰৰ বাবে ২০২০-২১ ছিজনত জয়লাভ কৰিছিল। ২০১৪ আৰু ২০১৬ চনতো দলটোৱে চেম্পিয়নছ লীগৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োবাৰেই ৰিয়েল মাদ্রিদৰ হাতত পৰাস্ত হৈছিল।
এ এছ চিৰ পৰ্টফলিঅ’ মেনেজাৰ ৰব জিভনে এটলেটিকো মাদ্ৰিদক “ইউৰোপৰ অন্যতম মহান ক্ৰীড়া প্ৰতিষ্ঠান” বুলি অভিহিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
