বিশ্বনাথ, ২৭ জুলাই (হি.স.)। চতিয়াৰ উত্তৰ অঞ্চলৰ কেইবাখনো অসমীয়া আৰু আদিবাসী গাঁৱৰ বি টি আৰত অন্তৰ্ভুক্তিৰ সিদ্ধান্তই স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিৱৰ্তনৰ ফলত এই অঞ্চলৰ লোকসকলে পূৰ্বৰ বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ জিলাৰ সৈতে থকা সম্পৰ্ক হেৰুৱাব লাগিব, আৰু তাৰ পৰিৱৰ্তে মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰি জিলাৰ অধীনলৈ যাব লাগিব। এই সিদ্ধান্তই ৰাইজৰ মাজত অস্থিৰতা, বিভ্ৰান্তি আৰু ভৱিষ্যতৰ প্ৰতি আশংকাৰ সৃষ্টি কৰিছে।বি টি আৰৰ গঠনৰ পৰাই ইয়াৰ সীমা নিৰ্ধাৰণ আৰু অঞ্চলৰ অন্তৰ্ভুক্তিৰ বিষয়টো বিতৰ্কিত হৈ আহিছে। শেহতীয়াকৈ চতিয়াৰ উত্তৰ অঞ্চলৰ কেইবাখনো গাঁৱক বি টি আৰৰ অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্তই স্থানীয় অসমীয়া আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত অসন্তোষৰ সৃষ্টি কৰিছে। এই সিদ্ধান্ত ৰাইজৰ অগোচৰে লোৱাৰ অভিযোগে ৰাইজৰ। বিটিআৰত এই গাওঁ সমূহক সংযোজিত কৰাৰ প্ৰতিবাদত আজি সাপেক্ষাতিত এক বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী অৱনী বৰুৱাৰ সভাপতিত্ব ত অনুষ্ঠিত হোৱা সভাত ৫ শতাংশ বড়ো লোক নথকা গাওঁ অন্তৰ্ভুক্তিৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।ৰাইজৰ মতে, এই পৰিৱৰ্তনৰ পূৰ্বে তেওঁলোকৰ সৈতে কোনো পৰামৰ্শ বা আলোচনা কৰা হোৱা নাই, যাৰ ফলত তেওঁলোকৰ মতামতক গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। এই পুনৰ্গঠনে গাঁৱ কেইখনৰ প্ৰশাসনিক আৰু ৰাজনৈতিক পৰিচয়ত ডাঙৰ পৰিৱৰ্তন আনিব। পূৰ্বৰ বিশ্বনাথ বিধানসভা সমষ্টি আৰু বিশ্বনাথ জিলাৰ পৰিৱৰ্তে এই গাঁৱ সমূহ মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰি জিলাৰ অধীনলৈ যাব, যিটো বি টি আৰৰ অংশ। এই পৰিৱৰ্তনৰ ফলত স্থানীয় লোকৰ ভোটাধিকাৰ, প্ৰশাসনিক সেৱা, আৰু সাংস্কৃতিক পৰিচয়ৰ ওপৰত প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে আজিৰ প্ৰতিবাদী সভাত। ৰাইজৰ প্ৰতিক্ৰিয়া আৰু আশংকা চতিয়াৰ উত্তৰ অঞ্চলৰ ৰাইজৰ মাজত এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে যুক্তি দৰ্শাইছে যে এই অঞ্চলৰ জনসংখ্যাৰ অধিকাংশই অসমীয়া আৰু আদিবাসী সম্প্ৰদায়ৰ, আৰু বি টি আৰত অন্তৰ্ভুক্তিৰ ফলত তেওঁলোকৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয়ৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। বি টি আৰৰ প্ৰশাসনিক ব্যৱস্থাৰ অধীনলৈ যোৱাৰ ফলত স্থানীয় লোকে পূৰ্বৰ বিশ্বনাথ জিলাৰ সৈতে থকা সুবিধা যেনে- প্ৰশাসনিক শিক্ষা, স্বাস্থ্য, আৰু অন্যান্য সেৱাৰ সুবিধা হেৰুৱাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।আজি অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত বি টি আৰৰ পৰা এই গাওঁ সমূহ কৰ্তনৰ বাবে চৰকাৰক পতিয়ন নিয়াবলৈ এখন সমিতি গঠন কৰা হৈছে।আজিৰ সভাত সকলোৱে স্পষ্ট কৰে বড়ো জনগোষ্ঠীৰ দিৰ্ঘদিনীয়া দাবীত বি টি আৰ গঠন হোৱাত আদৰণি জনাই এইয়া বড়ো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নহয় মাত্ৰ আইনসম্মত ভাবে অনা বড়ো গাওঁ বিলাক অন্তৰ্ভুক্ত কৰক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
