বৰপেটা, ২৭ জুলাই (হি.স.): বিটিআৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম গণ পৰিষদ চমুকৈ অগপ দলে। প্ৰায় ৫ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰিব অসম গণ পৰিষদে। ইতিমধ্যে মথনগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হৈছে বুলি মন্তব্য সাংসদ ফণী ভূষণ চৌধুৰীয়ে।
যোৱা কালি শনিবাৰে বিয়লি বৰপেটা ৰোডত অসম গণ পৰিষদৰ এক বিশেষ সাংগঠনিক সভাত উপস্থিত থাকে সাংসদ ফণী ভূষণ চৌধুৰী। কালি বিয়লি বৰপেটা ৰোডৰ বিশেষ সভাত অংশগ্ৰহণ কৰি সভাৰ শেষত সাংসদ গৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাংসদ গৰাকীয়ে কয় যে অহা বিটিআৰৰ নিৰ্বাচনত অসম গণ পৰিষদে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰে মাজত ইতিমধ্যে মথনগুৰি সমষ্টিৰ প্ৰাৰ্থী গৰাকী ১০০% জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
