তিনিচুকীয়া, ১০ আগষ্ট (হি.স.): তিনিচুকীয়াৰ ডুমডুমা ৰটাৰী পথত এন কে কনষ্টাকচন নামৰ কোম্পানীটোয়ে ধুবুৰীৰ পৰা একাংশ সন্দেহজনক লোকক পথ নিৰ্মাণৰ কামত নিয়োজিত কৰাক লৈ ক্ষোভিত হৈ পৰিছে বীৰ লাচিত সেনা । যোৱাকালি শনিবাৰে বিয়লি সংগঠনটোৰ বিষয়ববীয়াই সন্দেহজনক লোক সকলক আৱদ্ধ কৰি ডুমডুমাৰ পৰা খেদি পঠিয়াই বুলি জানিবলৈ দিয়ে ।
কোম্পানীটোৰ মালিকে লোকসকল বিগত ৫বছৰে কোম্পানীটোত কাম কৰি আছে বুলি জানিবলৈ দিছিল যদিও শ্ৰমিক সকলে ১০/১৫ দিন বা কিছুৱে এমাহ হৈছেহে বুলি বীৰ লাচিত সেনাৰ নেতৃত্বক অৱগত কৰাত মালিকৰ মিথ্যাচাৰত ক্ষোভিত হৈ খেদি পঠিয়াবলৈ বাধ্য হয় সন্দেহজনক লোকসকলক ।
উল্লেখযোগ্য যে ইয়াৰ আগতেও ডুমডুমাৰ পৰা সন্দেহজনক লোকক খেদি পঠিয়াইছিল বীৰ লাচিত সেনাৰ বিষয়ববীয়াই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
