নতুন দিল্লী, ২৭ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ‘মন কি বাত’ কাৰ্যসূচীৰ ১২৪ সংখ্যক সংস্কৰণত ‘খেলো ইণ্ডিয়া পলিচি ২০২৫’ৰ লক্ষ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ইয়াৰ লক্ষ্য ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলা। তেওঁ কয় যে এই নীতিৰ অগ্ৰাধিকাৰ গাঁও, দুখীয়া আৰু কন্যা সন্তান।
মান কি বাত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিগত কিছুদিনত বহু যুৱ খেলুৱৈ আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা বাৰ্তা পাইছো। এইবোৰত ‘খেলো ইণ্ডিয়া পলিচি ২০২৫’ৰ অত্যন্ত শলাগ লোৱা হৈছে। এই নীতিৰ লক্ষ্য স্পষ্ট, ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলা। গাঁও, দুখীয়া আৰু কন্যা এই নীতিৰ অগ্ৰাধিকাৰ।
বিদ্যালয়-মহাবিদ্যালয়সমূহে এতিয়া ক্ৰীড়াক দৈনন্দিন জীৱনৰ অংগ কৰি তুলিব। ক্ৰীড়াৰ সৈতে জড়িত ষ্টাৰ্টআপসমূহ, সেয়া ক্ৰীড়া পৰিচালনাই হওক বা প্ৰডাকচনেই হওক – তেওঁলোকক সকলো দিশতে সহায় কৰা হ’ব। কল্পনা কৰকচোন, দেশৰ যুৱক-যুৱতীসকলে যেতিয়া নিজৰ নিৰ্মিত ৰেকেট, বেট আৰু বলৰ সৈতে খেলিব, তেতিয়া আত্মনিৰ্ভৰশীলতাৰ মিছনে কিমান শক্তি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়াই দলীয় মনোভাৱৰ সৃষ্টি কৰে। ই হৈছে ফিটনেছ, আত্মবিশ্বাস আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ উপায়, গতিকে ভাল খেলা আৰু ভালকৈ ফুলা।
বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেলৰ বিষয়ে চৰ্চা
প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেলত ভাৰতৰ ঐতিহাসিক প্ৰদৰ্শনৰ বিষয়ে চৰ্চা কৰে। তেওঁ কয়, অলিম্পিকৰ বাহিৰে কোনটো ডাঙৰ ক্ৰীড়া অনুষ্ঠান আপুনি জানেনে? উত্তৰ হ’ল – বিশ্ব আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ খেল। সমগ্ৰ বিশ্বৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অনুষ্ঠিত এক ক্ৰীড়া প্ৰতিযোগিতা। এইবাৰ এই প্ৰতিযোগিতা আমেৰিকাত অনুষ্ঠিত হৈছিল আৰু ভাৰতে ইয়াত ইতিহাসৰ সৃষ্টি কৰিছিল। ভাৰতে প্ৰায় ৬০০ পদক লাভ কৰে। আমি ৭১খন দেশৰ শীৰ্ষ তিনিটাত উপনীত হ’লোঁ। দিনে-নিশাই দেশৰ হৈ থিয় দিয়া সেই ইউনিফৰ্ম পিন্ধা লোকসকলৰ কষ্টৰ ফল লাভ কৰিলে। আমাৰ এই বন্ধুসকলে এতিয়া ক্ৰীড়া পথাৰতো পতাকা উত্তোলন কৰিছে।
২০২৯ চনত ভাৰতত অনুষ্ঠিত হ’ব এই অনুষ্ঠান
প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে মই সকলো খেলুৱৈ আৰু প্ৰশিক্ষক দলক অভিনন্দন জনাইছো। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৯ চনত ভাৰতত এই খেলসমূহ অনুষ্ঠিত হ’ব বুলি জনাটো আপোনালোকৰ বাবে আকৰ্ষণীয় হ’ব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈ আমাৰ দেশলৈ আহিব। আমি তেওঁলোকক ভাৰতৰ আতিথ্য দেখুৱাম আৰু আমাৰ ক্ৰীড়া সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিম।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
