গোলাঘাট, ২৩ জুলাই (হি.স.)। সেউজীয়া ৰঙৰ এবিধ অতি বিষাক্ত সাপৰ বংশ বৃদ্ধিয়ে চিন্তিত কৰিছে বোকাখাত কুৰুৱাবাহী অঞ্চলত। ২০১৯ চনত অৰুণাচল প্ৰদেশত এইবিধ সাপৰ অৱস্থিতি ধৰা পৰিছিল। পৰবৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই সাপৰ অৱস্থিতি ধৰা পৰিছিল।
কালি নিশা কুৰুৱাবাহী সত্ৰত এজন লোকৰ বাসগৃহৰ চৌহদত উদ্ধাৰ হ’ল এই বিৰল চালগাৰ বিগ ভাইপাৰ সাপ। কুৰুৱাবাহীৰ পাপুল শইকীয়া নামৰ যুৱক জনে বিষাক্ত বিগ ভাইপাৰটো ধৰি বন বিভাগৰ হাতত গতাই দিয়ে। সেউজীয়া ৰঙৰ দেখিবলৈ ধুনীয়া এইবিধ সাপৰ পৰা সাৱধানে থকাটো অতি জৰুৰী।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
